
ইছলামাবাদ, ২২ জুলাই (হি.স.)। বৰষুণৰ ফলত পাকিস্তানৰ দুখন প্ৰদেশত যথেষ্ট ক্ষয়–ক্ষতি আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। বৃহৎ সংখ্যক ঘৰ ভাঙি কমেও ২৩ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া হৈছে। অবিৰত বৰষুণৰ ফলত ঘৰৰ দেৱালৰ মাজেৰে বৈদ্যুতিক সোঁত বৈ যোৱাৰ ফলত বহু অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
দুনিয়া নিউজৰ বাতৰি অনুসৰি পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ধ্বংসলীলাৰ সবিশেষ প্ৰকাশ কৰিছে প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই । কৰ্তৃপক্ষৰ তথ্য অনুসৰি পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱাত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে কেইবা ডজন লোক আহত হৈছে । লাহোৰৰ সমীপৰ ৰাইৱিন্দৰ কোট বাবু খান অঞ্চলত এটা ঘৰৰ চাল ভাঙি এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়। লাহোৰৰ গুলশান ৰবিত বেণ্ড ৰোডৰ সমীপত চাল ভাঙি আহত চাৰিজন লোক।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি পাকপট্টনৰ ভিলেজ ৭৫-ডিত এগৰাকী মহিলা, হোটাৰ এজন যুৱক আৰু গুজৰাটত এজন পুৰুষৰ মৃত্যু হয় । ঘৰ ভাঙি গুজৰাটত ৬ জন আৰু ছিয়ালকোটত ৩ জন লোক আহত হয়। গুজৰাণৱালাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ জন আহত হয়। তিনিটা পৃথক পৃথক বিদ্যুৎস্পৃষ্ট কাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয়।
সাহিৱালত ছাদ ভাঙি এগৰাকী মহিলাৰ মৃত্যুৰ লগতে তিনিজন লোক আহত হয়। মণ্ডী বাহাউদ্দিনত পৃথক পৃথক চাল আৰু দেৱাল ভাঙি ৮ জন লোক আহত হোৱাৰ বিপৰীতে বাহাৱালনগৰত এটা চেড ভাঙি এজন লোক আহত হয়। পিণ্ডি ভটিয়ানৰ ডুব যোৱা পথত ধাৰাসাৰ বৰষুণ। ফৈছালাবাদ, ভালৱাল, ঝাঙৰ নামনি অঞ্চল প্লাৱিত হৈছিল।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পঞ্জাৱত ২৪ জুলাইলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে । খাইবাৰ পখতুনখোৱাত প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি প্ৰদেশখনত মুঠ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন আহত হৈছে। নিহতসকলৰ ভিতৰত আছে ৬ জন পুৰুষ, ৬ টা শিশু আৰু দুগৰাকী মহিলা । পেছাৱৰ, নৌশ্বেৰা, খাইবাৰ, মাৰ্ডান, বুনেৰ, বাজাউৰ, শ্বাংলা, স্বাবি, লোয়াৰ চিত্ৰাল, লোয়াৰ এণ্ড আপাৰ ডিৰ, এবটাবাদ, মানচেহৰা, টৰঘৰ, কুৰৰাম, আৰু উত্তৰ ৱাজিৰিষ্টানত ক্ষতিৰ বাতৰি পোৱা গৈছে। সমগ্ৰ প্ৰদেশখনতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ