লোকসভা আৰু ৰাজ্যসভাত হুলস্থুল, দুপৰীয়া ১২ পৰ্যন্ত স্থগিত কাৰ্য্যবিধি
নতুন দিল্লী, ২২ জুলাই (হি.স.)। সংসদৰ বাৰিষা অধিৱেশনৰ তৃতীয় দিনা এনইইটি প্ৰশ্নকাকত ফাদিল সমস্যা, যন্তৰ মন্তৰত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য সাংসদৰ সৈতে আৰক্ষীৰ সংঘৰ্ষক লৈ বিৰোধ
Loksabha


নতুন দিল্লী, ২২ জুলাই (হি.স.)। সংসদৰ বাৰিষা অধিৱেশনৰ তৃতীয় দিনা এনইইটি প্ৰশ্নকাকত ফাদিল সমস্যা, যন্তৰ মন্তৰত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য সাংসদৰ সৈতে আৰক্ষীৰ সংঘৰ্ষক লৈ বিৰোধীয়ে দুয়োটা সদনত হুলস্থুলৰ সৃষ্টি কৰে। ফলস্বৰূপে লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।

লোকসভাৰ অধ্যক্ষই এনইইটি প্ৰশ্নকাকত ফাদিল বিষয়কে ধৰি সকলো বিষয়তে আলোচনা কৰিবলৈ সাজু বুলি উল্লেখ কৰি বিৰোধীক শান্ত হৈ থাকিবলৈ আহ্বান জনায়। সদনৰ কাম-কাজ সুচাৰুৰূপে আগবাঢ়িব লাগে আৰু তেওঁলোকৰ মতামত বিতৰ্কৰ জৰিয়তে দাখিল কৰিব লাগে। ইয়াৰ পিছতো বিৰোধী সদস্যসকলে নিজৰ দাবীত অটল থাকি শ্লোগান দি থাকিল। অব্যাহত থকা ব্যাঘাতৰ বাবে অধিৱেশন আৰম্ভ হোৱাৰ মাত্ৰ এমিনিট পিছতে দিনৰ ১২ বজালৈ স্থগিত ৰখা হয় লোকসভাৰ কাৰ্য্যবিধি।

ৰাজ্যসভাৰ পৰিস্থিতি একেই থাকিল। অধ্যক্ষগৰাকীয়ে বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ ঘূৰি আহি নিয়ম অনুসৰি আলোচনাত অংশগ্ৰহণ কৰিবলৈ বাৰে বাৰে আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে সদন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ বাবে উপলব্ধ যদিও বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰি থাকিল। হুলস্থুল আৰু শ্লোগানৰ বাবে কিছু মিনিটৰ ভিতৰতে ৰাজ্যসভাৰ কাৰ্য্যবিধি দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande