
নতুন দিল্লী, ২২ জুলাই (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত নাইডুৱে ১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া শ্ৰী আল্লুৰি সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দুয়োগৰাকী নেতাৰ বৈঠকৰ বিষয়ে তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাগ-বতৰা কৰে । অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰে যে সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত চন্দ্ৰবাবু নাইডুৱে তেওঁক ১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া শ্ৰী আল্লুৰি সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ