ক্ৰমে ভয়াবহ হৈ উঠিছে উজনিৰ বানপৰিস্থিতি
শিৱসাগৰ , ২২ জুলাই (হি.স.)। ক্ৰমে ভয়াবহ হৈ উঠিছে উজনিৰ বানপৰিস্থিতি । দিখৌ আৰু মিতং নদীৰ বাঢ়নী পানীৰ ফলত শিৱসাগৰ বিধান সভা সমষ্টিৰ ম''ৰাজাৰ মৌজা আৰু জকাইচুক মৌজাৰ অঃধ শতাধিক গাঁও প্লৱিত হৈ পৰিছে। গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰিয় ঘাইপথৰ ওপৰেৰে বাগৰিছে
ক্ৰমে ভয়াবহ হৈ উঠিছে উজনিৰ বানপৰিস্থিতি


শিৱসাগৰ , ২২ জুলাই (হি.স.)। ক্ৰমে ভয়াবহ হৈ উঠিছে উজনিৰ বানপৰিস্থিতি ।

দিখৌ আৰু মিতং নদীৰ বাঢ়নী পানীৰ ফলত শিৱসাগৰ বিধান সভা সমষ্টিৰ ম'ৰাজাৰ মৌজা আৰু জকাইচুক মৌজাৰ অঃধ শতাধিক গাঁও প্লৱিত হৈ পৰিছে।

গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰিয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। যিকোনো মুহুৰ্ততে বন্ধ হব পাৰে উজনি নামনিৰ যোগাযোগ। শিৱসাগৰ বিধান সভা সমষ্টিৰ চাৰিং অঞ্চলৰ ১৫ খনৰো অধিক গাৱৰ ৰাইজে অৱস্থান কৰিছে ৩৭ং ৰাষ্ট্ৰীয় ঘাইপথত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande