
কামৰূপ ,২২ জুলাই (হি.স.)। ৰঙিয়াত অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে এক হত্যাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে ।
হত্যাৰ গোচৰত অভিযুক্ত ৭ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে ।
উল্লেখ্য যে ২০১২ চনত ৰঙিয়াৰ ১০ নং ৱাৰ্ডৰ চিৰাখুন্দিত এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল।
দলবদ্ধভাৱে দা,কোৰেৰে মূৰত কৰা প্ৰচণ্ড আঘাতত নিহত হৈছিল জয়নাল আলী নামৰ এজন লোক।নিহত জয়নাল আলীৰ পৰিয়ালে ৰঙিয়া থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰঙিয়া পি/এছ-৩৭/২০১২নম্বৰৰ গোচৰ ৰুজু হৈছিল।
পিছত ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চলা চেকচনছ ১৪/২০১৭ নম্বৰৰ গোচৰৰ আই পি চি ১৪৩/৩০২/৩২৫/৩২৬ নম্বৰ ধাৰা মৰ্মে পৰ্যাপ্ত সাক্ষীবাদীৰ অন্তত কামৰূপ জিলাৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে সাত জন অভিযুক্তক দোষী সাব্যস্ত কৰে ।দোষী সাব্যস্ত ব্যক্তি কৈইজন ক্ৰমে হাইদৰ আলী,হুছেইন আলী, আব্দুল আলী,আতবৰ আলী,মজিবৰ আলী,আয়ুব আলী আৰু আচান আলী।
ভুক্তভোগী পৰিয়ালৰ লোকে দীৰ্ঘদিনৰ অন্তত পোৱা এই ৰায়দানত যথেষ্ট সন্তোষ প্ৰকাশ কৰি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰে। চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত সকলক লগতে পাচ হেজাৰকৈ জৰিমণা বিহে বুলি জানিব দিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা