
ডিব্ৰুগড়, ২২ জুলাই (হি.স.)। দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ড্ৰাম্পাৰৰ চেপাত এগৰাকী মহিলা থিতাতে নিহত। নিহত মহিলা গৰাকী দুলীয়াজানৰ ডিগবৈমুখ অঞ্চলৰ সোনমণি ৰয় বুলি আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয়। জানিবপৰা মতে এ এছ ০৬ এছ ৬০৩৩ নম্বৰৰ স্কুটীখনত সোনমণি ৰয় নামৰ মহিলা গৰাকীয়ে বজাৰৰ পৰা নিজা বাসগৃহৰ অভিমুখে গৈ আছিল।
সেই সময়তে বিপৰীত দিশৰ পৰা তীব্ৰগতিত অহা এ এছ ০৬ চি চি ৫৩৭৯ নম্বৰৰ বালি ভৰ্তি ড্ৰাম্পাৰখনে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ড্ৰাম্পখনৰ চালক আৰু সহযোগীগৰাকী । এই ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰা ড্ৰাম্পাৰখনৰ চালক আৰু সহযোগীক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা