বকো হালধীপাৰাত গাঞ্জা জব্দ
কামৰূপ, ২২ জুলাই (হি.স.)। বকো হালধীপাৰাত গাঞ্জা জব্দ। বকো-হাহিম পথেৰে সৰবৰাহৰ সময়ত তহলদাৰী আৰক্ষীৰ দলে বৃহত পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গাঞ্জা সহ এজন লোককো আটক কৰিবলৈ সক্ষম হয়। ইফালে আন এজন লোকে আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি
বকো হালধীপাৰাত গাঞ্জা জব্দ


কামৰূপ, ২২ জুলাই (হি.স.)। বকো হালধীপাৰাত গাঞ্জা জব্দ। বকো-হাহিম পথেৰে সৰবৰাহৰ সময়ত তহলদাৰী আৰক্ষীৰ দলে বৃহত পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গাঞ্জা সহ এজন লোককো আটক কৰিবলৈ সক্ষম হয়। ইফালে আন এজন লোকে আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি সেই ঠাইৰ পৰা পলায়ন কৰে।

আটক সৰবৰাহকাৰীজনক মিটিনচন মাৰাক(২৭) বুলি চিনাক্ত কৰা হৈছে। মিটিনচন মাৰাকৰ ঘৰ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাত। আৰক্ষীয়ে মিটিনচনৰ পৰা জব্দ কো প্ৰায় ৬.৫ কেজি গাঞ্জা । বকো আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande