
কামৰূপ, ২২ জুলাই (হি.স.)। বকো ৰে'ল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
ৰে'ল ষ্টেচনৰ ১ নং প্লেটফৰ্মত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো এজন ৬৫ৰ উৰ্ধৰ লোকৰ বুলি সন্দেহ। ৰে'ল ষ্টেচনৰ চকীত বহি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। পিন্ধনত আৰ্মি কালাৰৰ দৰে লংপেন্ট। ক্ৰীম কালাৰৰ চোলা। লোকজন পৰা কোনো নথিপত্ৰ উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী। আৰক্ষীয়ে মৃতদেহটোৰ প্ৰাথমিক অনুসন্ধান চলায় পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো পৰিচয় অদ্যপি আৰক্ষীয়ে লাভ কৰিব পৰা নাই। মৃতদহটোৰ পৰিচয় বিচৰাৰ লগতে লোকজনৰ মৃত্যু কি দৰে হৈছে এই সকলো তদন্ত চলায় আৰক্ষীয়ে অনুসন্ধান আগবঢ়ায় নিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা