
কাঠমাণ্ডু, ২২ জুলাই (হি.স.)। নেপালৰ বাগমতী ৰাজ্য চৰকাৰে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। কেন্দ্ৰত ক্ষমতাৰ পৰিৱৰ্তনৰ পিছত নেপাল কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী) বা চিপিএন-ইউএমএলৰ ছয়জন মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা সামূহিকভাৱে পদত্যাগ কৰিছে। মন্ত্ৰীসকলে ইন্দ্ৰ বাহাদুৰ বণিয়াক একেলগে পদত্যাগ পত্ৰ দাখিল কৰে ।
পদত্যাগ কৰাসকলৰ ভিতৰত আছে কৃষি আৰু পশুপালন মন্ত্ৰী মধুসুদন পৌডেল, ভৌতিক আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰী ড০ দীনেশ চন্দ্ৰ দেৱকোটা, উদ্যোগ, পৰ্যটন, শ্ৰম, আৰু পৰিবহণ মন্ত্ৰী জয়ৰাম থাপা, বন আৰু পৰিৱেশ মন্ত্ৰী ভাৰত বাহাদুৰ কে চি, স্বাস্থ্য মন্ত্ৰী কিৰণ থাপা, আৰু উদ্যোগ, বাণিজ্য, ভূমি, আৰু প্ৰশাসন মন্ত্ৰী বিন্দু শ্ৰেষ্ঠ। কাঠমাণ্ডুৰ পৰা উভতি অহাৰ লগে লগে সকলো মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰে।
ইয়াৰোপৰি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে ইউএমএলয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ইন্দ্ৰ বাহাদুৰ বনিয়া নেতৃত্বাধীন চৰকাৰখন বিধানসভাত সংখ্যালঘুত পৰিল, যাৰ ফলত চৰকাৰৰ ভৱিষ্যতক লৈ ৰাজনৈতিক অনিশ্চয়তা বাঢ়িছে।
নেপালী কংগ্ৰেছ আৰু ইউ এম এলৰ মিত্ৰজোঁট হিচাপে বাগমতীত চৰকাৰ গঠন কৰা হৈছিল, নেপালী কংগ্ৰেছৰ হৈ ইন্দ্ৰ বাহাদুৰ বনিয়াক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু কেন্দ্ৰত পৰিৱৰ্তিত ৰাজনৈতিক সমীকৰণৰ প্ৰভাৱ ৰাজ্যৰ ৰাজনীতিত এতিয়া স্পষ্টকৈ দেখা গৈছে, আৰু আগন্তুক দিনত বাগমতী প্ৰদেশত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ