নলবাৰীত আত্মসহায়ক গোটৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ
নলবাৰী, ২২ জুলাই (হি.স.)। আজি নলবাৰীত আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰা হল আৰ্থিক অনুদানৰ চেক।নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ সভাত বিতৰণ কৰা হল এই আৰ্থিক অনুদানৰ চেক।জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত এই চেক বিতৰণ কৰা হয়।

পিছপৰা অনুসুচিত জাতি সঞ্চালকালয়ৰ সহযোগত ডিষ্ট্ৰিক্ট মিছন মেনেজমেন্টে আয়োজন কৰা এই অনুষ্ঠানত জিলা খনৰ সক্ৰিয় ১৪৭ টা আত্মসহায়ক গোটলৈ পঞ্চাশ হাজাৰ টকাৰ অনুদানৰ চেক বিতৰণ কৰা হয়।লগতে ১৫ গৰাকী লোকক ব্যক্তিগত ভাবে পঞ্চাশ হাজাৰ টকাৰ অনুদানৰ চেক বিতৰণ কৰা হয়।এই আত্মসহায়ক গোটে কৰি থকা কামবোৰ সুচাৰুৰূপে চলাই থকাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবেই এইদৰে অনুদান বিতৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande