
নগাঁও, ২২ জুলাই (হি.স.)। বাল্য বিবাহৰ অভিযোগত পদচ্যুত হ'ল এগৰাকী গাওঁ পঞ্চায়তৰ সভাপতিৰ !
নগাঁও জিলাৰ জুৰীয়াৰ বগৰিগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহেৰিপাৰ গাঁও পঞ্চায়তত এই ঘটনা ।
বাল্য বিবাহ আৰু শপতনামাত
ভুৱা তথ্য দাখিল কৰাৰ গুৰুতৰ অভিযোগত পদচ্যুত কৰা হৈছে নগাঁও জিলাৰ জুৰীয়াৰ ৩৯ নং মাহেৰীপাৰ গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য তথা পঞ্চায়তটোৰ সভাপতি আজিজুৰ ৰহমানক।
নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা নং. এনডিপি.২৮/২০২৫/৩৮৫ নম্বৰৰ এক চৰকাৰী নিৰ্দেশনাযোগে আজিজুৰ ৰহমানক সদস্য পদৰ পৰা তৎকালীনভাৱে অপসাৰিত কৰা হয়।
উল্লেখ্য যে নগাঁও জিলা পৰিষদ আৰু সহকাৰী আয়ুক্তৰ তদন্ত অনুসৰি, আজিজুৰ ৰহমানৰ জন্মৰ তাৰিখ ৩১ জানুৱাৰী ১৯৯৯ আৰু তেওঁৰ পুত্ৰ ফৰিদুৰ ৰহমানৰ জন্মৰ তাৰিখ ৭ আগষ্ট ২০১৬।
উক্ত তথ্য অনুসৰি, পুত্ৰৰ জন্মৰ সময়ত আজিজুৰ ৰহমান নিজেও এজন অপ্ৰাপ্তবয়স্ক তথা কিশোৰ আছিল।
যাৰ পৰিপ্ৰেক্ষিতত অসম পঞ্চায়ত আইন, ১৯৯৪ ৰ 'চেকচন ১১১(২)(এফ)' আৰু 'আছাম পঞ্চায়ত (কনষ্টিটিউচন) ৰুলছ, ১৯৯৫' ৰ 'ৰুল ৬২(৪)' উলংঘা কৰাৰ বাবে জিলা প্ৰশাসনে আজিজুৰ ৰহমানক অযোগ্য ঘোষণা কৰি তেওঁক পদচ্যুত কৰা হৈছে বুলি ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা