

তামুলপুৰ, ২২ জুলাই (হি.স.)। আগন্তুক ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ছিমি কৰণ, আই এ এছ-ৰ অধ্যক্ষতাত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান অইন বেলিৰ দৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিভিন্ন বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, মাৰ্চপাষ্ট, সাংস্কৃতিক অনুষ্ঠান, ফটোগ্ৰাফী প্ৰতিযোগিতা, প্ৰীতি ফুলবল খেল, বিভিন্ন বিভাগৰ বিপনী, বিশিষ্ট ব্যক্তি তথা কৃতীসকলক সম্বৰ্ধনা ইত্যাদি সম্পৰ্কে সভাত বিশদভাৱে আলোচনা কৰা হয়। আনহাতে লোকপিয়ল-২০২৭ উপলক্ষ্যে এক বিশেষ প্ৰদৰ্শনী ষ্টল স্থাপন সম্পৰ্কেও আলোচনা কৰা হয়। উক্ত ষ্টলত সকলোকে প'ৰ্টেলৰ জৰিয়তে স্ব-গণনা (ছেল্ফ এনুমেৰাচন ) সম্পন্ন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে জাতীয় পতাকাখন সঠিকভাৱে উত্তোলনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উপৰি সুৰক্ষা তথা চাফাই অভিযান আদিৰ বিষয়েও আলোচনা কৰে। সভাত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ