

কোকৰাঝাৰ, ২২ জুলাই (হি.স.)। বিটিচি প্ৰধান তথা কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (কে এম চি এইছ)ৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত ২০২৬ বৰ্ষৰ প্ৰথম পৰিচালনা পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধায়কসকল, কাৰ্যবাহী সদস্যসকল (ই এম), এমচিএলএসকল , জিলা আয়ুক্ত, পৰিচালনা পৰিষদৰ সদস্যসকল আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত কে এম চি এইছ-ৰ সামগ্ৰিক কাৰ্যকলাপ পৰ্যালোচনা কৰাৰ লগতে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, অত্যাৱশ্যকীয় সেৱাসমূহ উন্নত কৰা আৰু প্ৰতিষ্ঠানখনৰ সু-চল পৰিচালনা নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কে এম চি এইছ চৌহদত এটিএম স্থাপন, নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ চৌহদৰ ভিতৰত উপ-কেন্দ্ৰ স্থাপন, আবাসিক চৌহদৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সীমা প্ৰাচীৰ নিৰ্মাণৰ বিষয় আদি আলোচনা কৰা হয়।
চিকিৎসালয়ত আৱৰ্জনা আৰু জৈৱ-চিকিৎসা আৱৰ্জনা (বায়ো মেডিকেল ৱেছট) বৈজ্ঞানিকভাৱে পৰিচালনা কৰাৰ ব্যৱস্থাসমূহো বৈঠকত আলোচনা কৰা হয়। এম বি বি এছ শিক্ষাৰ্থীসকলৰ আবাসনৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যে মাদাৰ এণ্ড চাইল্ড হেলথ (এম চি এইছ) ভৱনটো এক বছৰৰ বাবে অস্থায়ীভাৱে ল’ৰাৰ হোষ্টেল হিচাপে ব্যৱহাৰৰ অনুমোদন জনোৱা হয়। লগতে নিৰ্মাণাধীন ছাত্ৰাবাসৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰা হয়। বৈঠকত গ্ৰেড-II, গ্ৰেড-III আৰু গ্ৰেড-IVৰ খালী পদসমূহ, অতিৰিক্ত জনবলৰ প্ৰয়োজনীয়তা লগতে বিদ্যুৎ মিস্ত্ৰী, প্লাম্বাৰ, নিৰাপত্তাৰক্ষী আৰু গৃহ-পৰিচৰ্যা কৰ্মচাৰীৰ ব্যৱস্থা কৰাৰ বিষয়েও আলোচনা কৰা হয়। সহায়ক কৰ্মচাৰীসকলৰ নিয়মীয়া পুঁজিৰ ব্যৱস্থা আৰু সময়মতে দৰমহা প্ৰদানৰ বিষয়টোও পৰ্যালোচনা কৰা হয়। বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কে এম চি এইছত বিদ্যমান সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক এক সৰ্বাংগীন স্বাস্থ্যসেৱা প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে সকলোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ