
মৰিগাঁও, ২২ জুলাই (হি.স.)। লাহৰীঘাটত ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত আহত কেইবাগৰাকী ছাত্ৰ। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ ৮ জনকৈ ছাত্ৰ চি এন জি ভান লৈ দলৈগাঁও অভিমূখে পকী মথাউৰিৰে গৈ থকা অৱস্থাত টেঙাগুৰি কছাৰীগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই চিএনজি ভানখন মথাউৰিৰ পৰা পানীত বাগৰি পৰে।
এই দূৰ্ঘটনাত কম বেছি পৰিমাণে আটাইকেইজন ছাত্ৰ আহত হয়। আহত ছাত্ৰ কেইজনক শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা অনা হয়। জিশ্বান আহমেদ নামৰ ছাত্ৰ জনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ কতৃপক্ষৰ ভূলৰ বাবে এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি আহত ছাত্ৰৰ অভিভাৱকে ক্ষোভ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু