বৰ্হিৰাজ্যত নিৰুদ্দেশ বৰপেটাৰ যুৱক
বৰপেটা, ২২ জুলাই (হি.স.)। কেৰেলা পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় বৰপেটা জিলাৰ কলগাছিয়াৰ গুইলেজা গাঁওৰ মিয়া চান আলীৰ লৰা আলী হুছেইন(১৮)। জানিব পৰা মতে, কেৰেলাত এমাহ আগতে কাম কৰিবলৈ গৈছিল আলী হুছেইনে আজি ৰাতি পুৱা ঘৰ পোৱাৰ কথা আছিল যদিও এতিয়াল
বৰ্হিৰাজ্যত নিৰুদ্দেশ বৰপেটাৰ যুৱক


বৰপেটা, ২২ জুলাই (হি.স.)। কেৰেলা পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় বৰপেটা জিলাৰ কলগাছিয়াৰ গুইলেজা গাঁওৰ মিয়া চান আলীৰ লৰা আলী হুছেইন(১৮)। জানিব পৰা মতে, কেৰেলাত এমাহ আগতে কাম কৰিবলৈ গৈছিল আলী হুছেইনে আজি ৰাতি পুৱা ঘৰ পোৱাৰ কথা আছিল যদিও এতিয়ালৈকে আহি পোৱা নাই।

পিছ মূহুৰ্তত তেওঁ অন্ধ প্ৰদেশ বিকাশ ষ্টেচন পৰা বেলেগৰ মোৱাইল দি ফোন কৰি কলে যে, মোক কোনোবাই নিশা জাতীয় সামগ্ৰী খোৱাই সকলো বস্তু মোৰ পৰা লৈ গৈছে। তাৰ পিছত তেওঁৰ লগত যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে। যদি কোনোবাই লৰাটোক দেখা পাই তেন্তে এইটো নম্বৰত ৬০০০১৯০২১১ যোগাযোগ কৰিব জনায় আৰু আলী হুছেইনক ঘৰলৈ আনি দিবলৈ চৰকাৰ ওচৰত অনুৰোধ জনায় পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande