

গুৱাহাটী, ২২ জুলাই (হি.স.)। পুনৰ যোৰাবাটত কৃত্ৰিম বান। মূষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুবিল যোৰাবাট, ন' মাইল, দহ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথ।
ঘাইপথত ঠায়ে ঠায়ে ডেৰফুট পৰ্যন্ত পানী উঠিছে। ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে উক্ত পথছোৱাত। কৃত্ৰিম বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা যানজঁটত জীয়াতু ভুগিছে সাধাৰণ জনতাই। যোৰাবাটত কৃত্ৰিম বানৰ বাবে শ্বিলং আৰু উজনি অভিমুখী ঘাইপথত চাৰি ফুট পৰ্যন্ত পানী উঠিছে। ফলত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।
হিন্দুস্থান সমাচাৰ / Narayan Kar