হোজাইত যোগীজান উন্নয়ন ব্লকৰ অভিযন্তাক জবাবদিহি কৰিলে ৰাইজে
পথ মেৰামতিৰ নামত অহা ধন আত্মসাত কৰাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ স্বামীৰ বিৰুদ্ধে হোজাই, ২২ জুলাই (হি.স.)। হোজাইত পথ মেৰামতিৰ নামত দুৰ্নীতি।হোজাই উত্তৰ বিদ্যানগৰ ৯নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।পথ মেৰামতিৰ নামত ৯নং ৱাৰ্ডৰ ভানুমতি পালৰ ঘৰৰ পৰা জীৱন নন্দীৰ
হোজাইত যোগীজান উন্নয়ন ব্লকৰ অভিযন্তাক জবাবদিহি কৰিলে ৰাইজে


পথ মেৰামতিৰ নামত অহা ধন আত্মসাত কৰাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ স্বামীৰ বিৰুদ্ধে

হোজাই, ২২ জুলাই (হি.স.)। হোজাইত পথ মেৰামতিৰ নামত দুৰ্নীতি।হোজাই উত্তৰ বিদ্যানগৰ ৯নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।পথ মেৰামতিৰ নামত ৯নং ৱাৰ্ডৰ ভানুমতি পালৰ ঘৰৰ পৰা জীৱন নন্দীৰ ঘৰলৈকে এম জি এন আৰ ই ৰ অধীনত প্ৰায় ১০লক্ষাধিক টকাৰ অনুমোদন দিয়া হৈছিল।কিন্তু সেই কামৰ ৫০% কাম সম্পূৰ্ণ নোহোৱাকৈ প্ৰায় ৬লক্ষাধিক টকাৰ অধিক টকা উঠাই লোৱাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ স্বামী ৰাকেশ সূত্ৰধৰৰ বিৰুদ্ধে।পথ মেৰামতিৰ কাম অভিযন্তা গৰাকীয়ে পৰিদৰ্শন কৰিব আহোতে সকলো তথ্য পোহৰলৈ আহে।

অভিযন্তা গৰাকীয়ে পথ মেৰামতিৰ কামৰ নমুনা দেখি দিলে মূৰে কপালে হাত।ইফালে স্থানীয় একাংশ ৰাইজে অভিযন্তাক কৰালে জবাবদিহি।অভিযন্তাক এটাৰ পিছত আন এটা প্ৰশ্ন ৰাইজৰ।ইফালে অভিযন্তায় হতচকীত হৈ ৰাইজৰ পৰা বিচাৰিলে নতুন জি আৰ এছ ৰ নিযুক্তি।অভিযন্তা গৰাকীৰ এনে কথা শুনি এতিয়া অঞ্চলজুৰি চলিছে প্ৰতিক্ৰিয়াৰ।আনফালে ৰাইজক ভয় ভাবুকিৰে ৱাৰ্ড মেম্বাৰৰ স্বামী ৰাকেশ সূত্ৰধৰে সেই টকা উঠাই লোৱাৰ অভিযোগ।এতিয়া প্ৰশ্ন হয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা নীতি অৱলম্বন কৰা বিজেপি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব??সঠিক তদন্ত হব নে??সেয়া পৰৱৰ্তী সময়ত হব লক্ষণীয় বিষয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande