গোৰেশ্বৰৰ মহৰিপাৰি-বাঙালীপাৰা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নাওকাটাত পথ অৱৰোধ
তামুলপুৰ, ২২ জুলাই (হি.স.)। গোৰেশ্বৰৰ মহৰিপাৰি-বাঙালীপাৰা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নাওকাটাত পথ অৱৰোধ। অসম চৰকাৰ হায় হায়, বি টি চি চৰকাৰ গ'' বেক, হাগ্ৰাম মহিলাৰী নিপাত যাওক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ-বতাহ কঁপ
গোৰেশ্বৰৰ মহৰিপাৰি-বাঙালীপাৰা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নাওকাটাত পথ অৱৰোধ


তামুলপুৰ, ২২ জুলাই (হি.স.)। গোৰেশ্বৰৰ মহৰিপাৰি-বাঙালীপাৰা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নাওকাটাত পথ অৱৰোধ।

অসম চৰকাৰ হায় হায়, বি টি চি চৰকাৰ গ' বেক, হাগ্ৰাম মহিলাৰী নিপাত যাওক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদ কাৰীসকলে।

গোৰেশ্বৰ - বাঙালীপাৰা পয়ালগা পথৰ নিৰ্মানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ পূৱ ডেফেলী আঞ্চলিক সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত নাওকাটাত পথ অৱৰোধ কাৰ্যসূচীৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।

উল্লেখ্য যে বি টি চি নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নাওকাটাস্থিত ঔবাৰী খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত শোচনীয় হৈ পৰা পথটো অসম মালাৰ অধীনত নিৰ্মান কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। তাৰ পিচতে অসম বিধানসভা নিৰ্বাচনৰ আগত বাঙালীপাৰাত তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পথটো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু ইয়াৰ পিচতো আজিকোপতি পথটোত এটা শিলৰ টুকুৰাও নপৰিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande