
যোৰহাট, ২২ জুলাই (হি.স.)। উজনি অসমৰ যোৰহাটত বানপানীৰ প্ৰকোপ অব্য়াহত আছে। একেদৰে টীয়কত বানৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পালেও পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই । বহু বানাক্ৰান্ত লোকে বৰ্তমানেও মথাউৰিৰ ওপৰত আৰু অস্থায়ী আশ্ৰয়স্থলীত দিন কটাবলৈ বাধ্য হৈছে ।
ইফালে বনাই ধনতুলা অঞ্চলত জাঁজী নদীৰ মথাউৰিৰ ছিগা অংশ এতিয়াও উদ্বেগৰ কাৰণ হৈ আছে । বানৰ সময়ত এই ছিগা অংশৰে জাঁজী নদীৰ পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিলে নৈপৰীয়া ৰাইজৰ । কৃষিভূমি, পশুধন ঘৰুৱা আচবাব,সা সামগ্ৰী সকলো ইতিমধ্যে বাঢ়নী পানীত জাহ গৈছে । স্থানীয় ৰাইজে মতে জলসম্পদ বিভাগ তথা ঠিকাদাৰৰ অমনোযোগিতাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়ে চৰকাৰী দীৰ্ঘম্যাদী আঁচনিৰে আধুনিক প্ৰযুক্তিৰে এই সম্পূৰ্ণ মঠাউৰিটো অতি সোনকালে মেৰামতি কৰি ৰাইজৰ জনজীৱন সুস্থিৰ কৰিবলৈ আহ্বান জনাইছে ।
অৱশ্যে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা খাদ্যসামগ্ৰীৰ যোগান ধৰা হৈছে যদিও এয়া বৰ্তমান পৰ্যাপ্ত হোৱা নাই ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু