
হোজাই, ২২ জুলাই (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডবকাতো অব্যাহত আছে বানৰ তাণ্ডব৷নিখাৰী আৰু যমুনা নৈৰ বাঢ়নী পানীয়ে নিতৌ প্লাৱিত কৰিছে ন ন অঞ্চল৷ডবকা ৰাজহ চক্ৰ বিষয়াৰ তথ্য অনুসৰি বুধবাৰে দুপৰীয়ালৈকে ডবকা ৰাজহ চক্ৰৰ ১৯ খন ৰাজহ গাওঁ প্লাৱিত হৈছে৷
তদুপৰি ৪৩৩ হেক্টৰ কৃষি ভুমি বানত প্লাৱিত হোৱাৰ লগতে ২০৯৪ গৰাকী লোক এইপৰ্যন্ত বানত ক্ষতিগ্ৰস্থ হৈছে৷ইফালে যমুনামুখ - সৰুপথাৰ সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী৷পানীৰ মাজেৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে স্থানীয় লোকে৷ আন হাতে প্ৰশাসনে সময়মতে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ক্ষতিগ্ৰস্থৰ হাৰ অধিক হোৱা বুলি অভিযোগ বিভিন্ন দল সংগটনৰ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ