
–বানত আক্রান্ত লোকক সকলো প্ৰকাৰৰ সহায় কৰিব চৰকাৰেঃ ড০ হিমন্ত বিশ্ব শর্মা
গুৱাহাটী, ২২ জুলাই (হি.স.)। নাগালেণ্ডত বিগত কিছুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত এক অনাকাংক্ষিত আৰু অস্বাভাৱিক বানৰ কৱলত পৰিছে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ বিভিন্ন বান সাহায্য শিৱিৰলৈ গৈ তাত আশ্ৰয় লৈ থকা পৰিয়ালক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি প্রতিটো শিৱিৰতে চিকিৎসককে ধৰি প্রয়োজনীয় খাদ্য-সমগ্রী, খোৱাপানী আদি সুবিধাৰ উপলব্ধতাৰ নিশ্চয়তা প্রদান কৰে।
বানাক্ৰান্তলোকৰ ওচৰত থিয় হৈ মুখ্যমন্ত্ৰীয়ে বানত বিধস্ত হোৱা সকলো লোকৰে ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্র, কিতাপ-কাগজ সকলোৰে ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্রদান কৰে। এই অনাকাংক্ষিত বানৰ কবলত পৰি মৃত্যুবৰণ কৰা প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ চাৰি লাখ টকাকৈ তৎকালীন সাহায্য ৰাজ্য চৰকাৰে আগবঢ়াব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে।
ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই সংশ্লিষ্ট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, জিলা প্ৰভাৰী তথা বিজেপিৰ কাৰ্যকৰ্তাসকলক ক্ষতিগ্রস্ত ৰাইজৰ কাষত থিয় হৈ সকলোধৰণৰ সহায় সহযোগিতা প্রদানৰ বাবে নির্দেশনা প্রদান কৰে। আনকি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্রটেম অধ্যক্ষ হিচাপে লোকসভাৰ অধ্যক্ষৰ আসন গ্রহণ কৰি সংসদৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰি থকাৰ সময়তে যোৱা ২০ জুলাইত সাংসদসকলক অসমৰ বানপানীৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনায়। ভাৰতৰ গণতন্ত্ৰত লোকসভাৰ অধ্যক্ষৰ আসনৰ পৰা অসমৰ বানপানীৰ ওপৰত সংসদক অৱগত কৰাৰ এই প্রয়াস এক ঐতিহাসিক ক্ষণ হিচাপে বিবেচিত হৈ ৰ'ব।
মুখ্যমন্ত্রীয়ে অসমৰ জলসম্পদ আৰু বান নিয়ন্ত্রণ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোঁহাইৰ লগতে কেবিনেট মন্ত্রী ক্রমে বিমল বড়া, কেশৱ মহন্ত আৰু অজন্তা নেওঁগৰ নেতৃত্বত বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য কাৰ্য তদাৰক কৰাৰ দায়িত্ব অর্পন কৰিছে। ইতিমধ্যে প্রশাসনে হেলিৰপ্টাৰৰ সহায়ত উদ্ধাৰ আৰু সাহায্য অভিযানো তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিয়ুজ হাজৰিকাই বিধানসভাক অৱগত কৰায় যে স্বাভাৱিক প্রাকৃতিক দুর্যোগ বা বান পৰিস্থিতিৰ বাবে চৰকাৰে সদায় সাজু থাকে।
কিন্তু চৰাইদেউ, শিৱসাগৰ, নাজিৰা, যোৰাহাটৰ অভাৱনীয় বান পৰিস্থিতি আকস্মিক। যাৰ বাবে চৰকাৰে বা প্রশাসনে সাজু হোৱাৰ বাবে সময় নাপালে। কিন্তু দুর্যোগপীড়িত জনতাক সৰ্বতোপ্ৰকাৰে সহায় চৰকাৰে কৰিব বুলি বিধানসভাক অৱগত কৰে। শেহতীয়া ভয়াবহ বান পৰিস্থিতিয়ে বহু পৰিয়ালৰ সপোন ঘৰ-দুৱাৰ আৰু জীৱন-জীৱিকাত গভীৰ আঘাত সানিছে। এই কষ্টৰ সময়ত আমাৰ চৰকাৰে আৰু আমাৰ দলে স্বাভাৱিক অৱস্থা ঘুৰি নহালৈকে প্রতিটো পৰিয়ালৰ সৈতে দৃঢ়ভাবে থিয় হ'ব বুলি অৱগত কৰে প্ৰদেশ বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই। লগতে ড০ মহন্তই কয় যে এই দুর্যোগ আমি একেলগে হাতে হাত ধৰি অতিক্ৰম কৰিম।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী