
হোজাই, ২২ জুলাই (হি.স.)। ডবকাৰ বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত বিধায়ক বদৰুদ্দিন আজমল
। বিন্নাকান্দি সমষ্টিতো বিস্তৰ ক্ষতিসাধন কৰিছে প্ৰলয়ংকাৰী বানে।
যমুনা আৰু নিখাৰীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ এলেকা
বানপীড়িত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ললে বিধায়ক বদৰুদ্দিন আজমলে
বানপীড়িতক প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস আজমলৰ
আজমলৰ সৈতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক ৰফিকুল ইছলাম
ইপিনে বিন্নাকান্দি সমষ্টিৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ বানপীড়িত এলেকাও পৰিদৰ্শন আজমলৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা