
নতুন দিল্লী, ২২ জুলাই (হি.স.)। দিল্লী মেট্ৰ’ ৰে’ল নিগম (ডি এম আৰ চি)-এ পৰৱৰ্তী জাননী নোপোৱালৈকে ৰাজধানীত ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ষ্টেচনসমূহত যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থান সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব।
বুধবাৰে ডি এম আৰ চিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল যে পৰৱৰ্তী জাননী নিদিয়ালৈকে ৰাজধানীত ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে। কেৱল ৰাজীৱ চক, মাণ্ডী হাউচ, আৰু কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ’ ষ্টেচনতহে আদান-প্ৰদান (লাইন পৰিৱৰ্তন)ৰ সুবিধা উপলব্ধ হ’ব। এই ষ্টেচনসমূহত যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি দিয়া নহ’ব।
ডি এম আৰ চিয়ে প্ৰকাশ কৰা তালিকা অনুসৰি পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ হৈ থকা মেট্ৰ’ ষ্টেচনসমূহৰ ভিতৰত আছে লোক কল্যাণ মাৰ্গ, ৰাজীৱ চ’ক, পেটেল চ’ক, ৰামকৃষ্ণ আশ্ৰম মাৰ্গ, বাৰাখাম্বা ৰোড, উচ্চতম ন্যায়ালয়, সেৱা তীৰ্থ, জনপথ, মণ্ডী হাউচ, কেন্দ্ৰীয় সচিবালয়, আই টি অ’, দিল্লী গেট, ইন্দ্ৰপ্ৰস্থ, খান মাৰ্কেট, জোৰ বাগ, আৰু শিৱাজী ষ্টেডিয়াম।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া