উজনি অসমৰ পাছত শাওঁনৰ বলীয়া বানৰ কৱলত পৰিছে হোজাই জিলাৰ যমুনামুখ
হোজাই, ২২ জুলাই (হি.স.)। উজনি অসমৰ পাছত শাওঁনৰ বলীয়া বানৰ কৱলত পৰিছে হোজাই জিলাৰ যমুনামুখ। আজি পুৱাৰে পৰা যমুনা আৰু নিশাৰী নৈৰ বাঢনী পানীয়ে বুৰাই পেলাইছে যমুনামুখ-সৰুপথাৰ সংযোগী লোক নিৰ্মান বিভাগৰ পথৰ এটি অংশ। যাৰফলত ৰাইজে যাতায়ত কৰাত যথেষ্ট
উজনি অসমৰ পাছত শাওঁনৰ বলীয়া বানৰ কৱলত পৰিছে হোজাই জিলাৰ যমুনামুখ


হোজাই, ২২ জুলাই (হি.স.)। উজনি অসমৰ পাছত শাওঁনৰ বলীয়া বানৰ কৱলত পৰিছে হোজাই জিলাৰ যমুনামুখ।

আজি পুৱাৰে পৰা যমুনা আৰু নিশাৰী নৈৰ বাঢনী পানীয়ে বুৰাই পেলাইছে যমুনামুখ-সৰুপথাৰ সংযোগী লোক নিৰ্মান বিভাগৰ পথৰ এটি অংশ।

যাৰফলত ৰাইজে যাতায়ত কৰাত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে।

সমান্তৰালকৈ পুৱাৰে পৰা যমুনা আৰু নিখাৰী নৈৰ পানী হুৰাহুৰে সোমাই পৰাত যমুনামুখৰ নগঞাপাম গাওঁপঞ্চায়তৰ বহু কেইখন গাওঁ বানপানীয়ে প্লাবিত কৰিছে।

পথৰ ওপৰৰে পানী বাগৰাৰ ফলত ৰাইজে বিপদ সংকূল অৱস্থাৰেওঁ যাতায়ত কৰিব লগা হৈছে ।পুৱাৰে পৰা যমুনামুখৰ এক বিস্তিৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে যদিওঁ বৰ্তমানলৈকে বানাক্ৰান্তৰ খবৰ লবলৈ প্ৰশাসনৰ লোক নহাৰো অভিযোগ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande