প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰী বিমানেৰে লৈ যোৱা আৰম্ভ কৰিছে
ইটানগৰ, ২২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশৰ আপাৰ সুবনশিৰি জিলা প্ৰশাসনে আজিৰে পৰা দুৰ্গম গাঁও আৰু বানাক্ৰান্ত অঞ্চল নীলিং, লিংডাম, আৰু উচ্চ গীবালৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিমানযোগে কঢ়িয়াই নিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ বাৰিষা বৰষুণে পথ আৰু দলংসম
অৰুণাচলঃ বিমান আৰু হেলিকপ্টাৰেৰে দুৰ্গম বানপীড়িত অঞ্চললৈ প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ দৃশ্য।


ইটানগৰ, ২২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশৰ আপাৰ সুবনশিৰি জিলা প্ৰশাসনে আজিৰে পৰা দুৰ্গম গাঁও আৰু বানাক্ৰান্ত অঞ্চল নীলিং, লিংডাম, আৰু উচ্চ গীবালৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিমানযোগে কঢ়িয়াই নিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ বাৰিষা বৰষুণে পথ আৰু দলংসমূহৰ যথেষ্ট ক্ষতিসাধন কৰি এই অঞ্চলসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি পেলাইছে; প্ৰশাসনে বাসিন্দাসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিছে।

প্ৰচণ্ড বৰষুণৰ পিছত ন্যাও আৰু জাও নদীৰ খহনীয়াই নীলিং আৰু আপাৰ গিবা চক্ৰ সংযোগী পথসমূহৰ গুৰুতৰ ক্ষতিসাধন কৰে। জাও নদীৰ ওপৰত এখন দলংও উটুৱাই নিয়াৰ ফলত আপাৰ গিবাৰ ২২খন গাঁও জিলা সদৰৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

তদুপৰি নীলিং চক্ৰৰ ২০ খন গাঁও পথ সংযোগ হেৰুৱাৰ বাবে বিচ্ছিন্ন হৈ পৰিছে। লিংডাম আৰু নিলিঙলৈও পথ সংযোগ বিঘিনি ঘটিছিল, যাৰ ফলত পথৰ যোগেদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাটো অসম্ভৱ হৈ পৰিছিল।

ক্ষতিগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰি জিলা উপাযুক্তৰ নেতৃত্বত জিলা প্ৰশাসনে ততাতৈয়াকৈ হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। স্থানীয় বিধায়িকা তানিয়া চকীয়ে এই প্ৰস্তাৱক সমৰ্থন কৰে, আৰু অৰুণাচল প্ৰদেশ চৰকাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়লৈ খাদ্য শস্য, ঔষধ, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ অনুৰোধ প্ৰেৰণ কৰে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই অনুৰোধত অনুমোদন জনাই ২২ আৰু ২৩ জুলাইৰ হেলিকপ্টাৰ বিমান সেৱাৰ নতুন সময়সূচী জাৰি কৰে।এই বিমানসমূহে ডাপৰিজোৰ পৰা লিংডাম আৰু নীলিংলৈ চাউল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰীসমূহ সুচাৰুৰূপে প্ৰদান কৰাটো নিশ্চিত কৰিছে।

জিলা প্ৰশাসনে অসামৰিক বিমান পৰিবহণ বিভাগ, জিলা খাদ্য আৰু অসামৰিক যোগান কাৰ্যালয়, চক্ৰ প্ৰশাসন, আৰক্ষী, আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সমন্বয়ত হেলিপেডত প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত আছে নিৰাপত্তা, ভিৰ ব্যৱস্থাপনা, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, অনাময় ব্যৱস্থা, বাধাসমূহ আঁতৰোৱা, আৰু নিৰ্দেশনা অনুসৰি অন্যান্য সুৰক্ষা ব্যৱস্থা।

জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশ চৰকাৰ, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়, হেলিকপ্টাৰ ক্ৰু, সংশ্লিষ্ট সকলো বিভাগ, আৰু স্থানীয় প্ৰতিনিধিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকৰ সময়োপযোগী সহায় আৰু সংহত প্ৰচেষ্টাই উচ্চ সুবনশিৰি জিলাৰ অতি দুৰ্গম আৰু দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাটো সম্ভৱ কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande