
চিৰাং, ২২ জুলাই (হি.স.)। চিৰাঙৰ কাজলগাঁৱত অসম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থা ৰ বিশেষ সাধাৰণ সভা।
আজি চিৰাং জিলা সদৰ কাজলগাঁও স্থিত ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অসম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থা ৰ কেন্দ্ৰীয় সমিতিৰ এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।
অসম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডঃ বিদুৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত অসমৰ বিভিন্ন জিলাৰ ৫৬ খন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰে।
সভাত সন্থাৰ ফালৰ পৰা বর্তমানৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় সমূহক পূৰ্বৰ দৰে জুনিয়ৰ কলেজ হিচাপে গণ্য কৰা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত অসম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় শিক্ষক- কৰ্মচাৰী সন্থাৰ এজন প্রতিনিধিক আৰু এই শিক্ষানুষ্ঠান সমূহৰ পৰা দুজন অধ্যক্ষক সদস্য হিচাপে অন্তর্ভুক্ত কৰা, মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰৰ ৰায় ভিত্তিত স্নাতকোত্তৰ শিক্ষক সকলৰ দৰমহা গাঁথনি পে - বেণ্ড ৩ ৰ পৰা পে-বেণ্ড ৪ লৈ উন্নতিকৰণ কৰা, সকলো শিক্ষক, কৰ্মচাৰীক পূৰণি পেঞ্চন আচঁনিৰ অধীনত সামৰি লোৱা আদি বিভিন্ন দাবী উত্থাপন কৰা হয়। তদুপৰি ২০২১ চনত প্রাদেশিকীকৰণ কৰা টিউটৰ অধ্যক্ষ আৰু অধ্যক্ষ সকলক ডি. ডি. অ'. হিচাপে ঘোষণা কৰা, স্থায়ী অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে ভাৰপ্ৰাপ্ত অধ্যক্ষ সকলক স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া, অধ্যক্ষ নিযুক্তি ক্ষেত্রত পি. এইচ. ডি. ডিগ্ৰীৰ বাবে নম্বৰৰ ব্যৱস্থা কৰা লগতে বয়সৰ উৰ্ধসীমাৰ চৰ্ত উঠাই দিয়া, ২০২১ চনত প্রাদেশিকীকৰণ কৰা ছিনিয়ৰ ছেকেণ্ডাৰী সমূহত কৰ্মৰত কৰ্মচাৰী আৰু টিউটৰ সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, প্রাদেশিকীকৰণৰ আওঁতাত অন্তর্ভুক্ত নোহোৱা শিক্ষক, কৰ্মচাৰী সকলক বিশেষ চৰকাৰী সাহাৰ্য্য প্রদান কৰা, বঞ্চিত শিক্ষক কর্মচাৰী সকলকৰ চাকৰি নিয়মীয়াকৰণ কৰা, শিক্ষক, কৰ্মচাৰীৰ খালীপদ সমূহ পূৰণ কৰা আদি কৰি মুঠ ২১ দফীয়া দাবী সমূহৰ ওপৰত গুৰুত্বাৰোপ কৰি আলোচনা কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা