
গুৱাহাটী, ২২ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নাৱেৰে শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাটৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় আৰু আশ্ৰয় শিবিৰত বসবাস কৰা লোকসকলৰ সৈতে সাক্ষাৎ কৰে।
শিৱসাগৰৰ বেতবাৰীত বানাক্ৰান্ত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ শোকৰ সময়ত তেওঁলোকৰ সৈতে থিয় দি থকা বুলি উল্লেখ কৰে। তেওঁ কয়, যি সকল বানাক্ৰান্ত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। মই আপোনাৰ পৰিয়ালৰ বাবে এজন পুত্ৰৰ দৰে, গতিকে চিন্তা নকৰিব।
ফুকন নগৰৰ সাহায্য শিবিৰত মুখ্যমন্ত্রীয়ে স্থানচ্যুত পৰিয়ালসমূহক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে সকলো প্রয়োজনীয় সাহায্য আগবঢ়াব আৰু কোনো ক্ষতিগ্ৰস্ত পৰিয়াল অকলশৰীয়াকৈ নাথাকিব।
মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শৰ্মাই মৰিয়নী বিধান সভা সমষ্টিৰ এটা সাহায্য শিবিৰ পৰিদর্শন কৰি বানাক্রান্ত লোকসকলৰ সমস্যাৰ কথাও শুনা যায়৷ তেওঁ কয় যে চৰকাৰে সাহায্য, পুনৰ্বাসন, আৰু অন্যান্য সকলো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবাৰৰ বানপানী অভূতপূৰ্ব। উজনিত অহা এই বানত এতিয়ালৈ ৩৪ গৰাকী লোকৰ মৃত্যু হৈছে। শিৱসাগৰত এতিয়াও সন্ধানহীন হৈ আছে ৭০ জনতকৈ অধিক লোক। ইফালে নাজিৰাত ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু প্ৰায় ৫০ জন লোক নিৰুদ্দেশ হৈছে। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে পৰিস্থিতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী