
বানপীড়িতৰ দুখৰ সমভাগী হোৱাৰ লগতে সকলো ধৰণৰ সাহায্যৰ আশ্বাস
যোৰহাট, ২২ জুলাই (হি.স.)। টীয়কৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ দুখৰ সমভাগী হৈ সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে টীয়ক চাহ বাগিচাৰ নামচিচু জনতা হাইস্কুলত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানত গৃহহীন হৈ দুৰ্যোগত পৰা ৰাইজৰ বুজ লয় আৰু তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰে।
পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰটোত আশ্ৰয় লৈ থকা পৰিয়ালসমূহৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতে। বিশেষকৈ শিশু, মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ পৰিস্থিতি, খাদ্য সামগ্ৰীৰ যোগান আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ বিষয়ে তেওঁ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বানপীড়িত ৰাইজৰ এই সংকটজনক সময়ত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে তেওঁলোকৰ কাষত আছে। আশ্ৰয় শিবিৰসমূহত থকা প্ৰতিগৰাকী ব্যক্তি যাতে কোনো ধৰণৰ অভাৱৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে জিলা প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰত চিকিৎসা সেৱা সূচাৰুৰূপে চলি আছে নে নাই সেয়া পৰীক্ষা কৰে আৰু বানৰ সময়ছোৱাত যাতে কোনো মহামাৰী বা সংক্ৰামক ৰোগে দেখা নিদিয়ে, তাৰ বাবে স্বাস্থ্য বিভাগক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। টীয়ক নগৰত সৃষ্টি হোৱা কৃত্ৰিম বান নিৰ্মূলৰ বাব অৰ্থাৎ চাৰিলেনযুক্ত ঘাইপথৰ নলাৰ আসোঁৱাহ দূৰীকৰণৰ শিঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । সামান্তৰালভাবে
কৃষক ৰাইজক প্ৰয়োজনীয় কঠিয়া যোগানৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত কৰে ধৰি বহু বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু