
বাক্সা, ২২ জুলাই (হি.স.)।বাক্সাৰ খাৰিজা বিজনী আঞ্চলিক কৃষক সভাৰ উদ্যোগত বাৰাপেটাত তীব্ৰ প্ৰতিবাদ। বাক্সাৰ খাৰিজা বিজনীৰ বাৰাপেটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পুত্তলিকা দাহ।
প্ৰতিবাদকাৰীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পুত্তলিকা দাহ কৰি আমেৰিকা আৰু ভাৰতৰ মাজত সম্ভাৱ্য চুক্তিৰ তীব্ৰ বিৰোধিতা কৰে।
প্ৰতিবাদস্থলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ”, “ড'নাল্ড ট্ৰাম্প হায় হায়”, “কৃষক-বিৰোধী চুক্তি বাতিল কৰক” আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
প্ৰস্তাৱিত ভাৰত-আমেৰিকা চুক্তিয়ে দেশৰ কৃষক সমাজৰ স্বাৰ্থ ক্ষুণ্ণ কৰাৰ আশংকা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
সেয়েহে কৃষকৰ স্বাৰ্থ সুৰক্ষিত ৰাখি এনে যিকোনো কৃষক-বিৰোধী চুক্তি অবিলম্বে বাতিল কৰাৰ দাবী জনায় সংগঠনটোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা