
বৰপেটা, ২২ জুলাই (হি.স.)। পাঠশালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।বজালী জিলাৰ পাঠশালা চহৰৰ কলেজ ৰোডস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত এগৰাকী মহিলাই আত্মহত্যা কৰে।ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি ৰাতিপুবাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।প্ৰাথমিকভাৱে ঘটনাটো আত্মহত্যাৰ বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
মৃত মহিলা গৰাকী বাঘমাৰাৰ চিনুমণী দাস (৩৫) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তেওঁ স্থানীয় ব্যৱসায়ী হেমন্ত ৰয়ৰ হোটেলত মাজে সময়ে কৰ্মচাৰী হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। মঙলবাৰে হোটেলৰ গৰাকী হেমন্ত ৰয় উপস্থিত নথকাৰ সময়তে মহিলা গৰাকীয়ে এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে।ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।এই ঘটনাৰ আঁৰত কোনো ব্যক্তিগত, পাৰিবাৰিক নে আন কোনো কাৰণ জড়িত আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। পাঠশালা আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ বিবেচনা কৰি তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।ঘটনাটোৱে পাঠশালা চহৰ তথা সমগ্ৰ বজালী জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ