গোসাইগাঁৱত ৰেলৰ চেপাত এজন যুৱকৰ মৃত্যু
কোকৰাঝাৰ, ২২ জুলাই (হি.স.)। গোসাইগাঁৱত ৰেলৰ চেপাত এজন যুৱকৰ মৃত্যু। নিশা সংঘটিত হয় এই দুৰ্ঘটনা।অদ্যপি চিনাক্ত হোৱা নাই যুৱকজনৰ।ৰাতি নামুনি মুৱা ৰেলৰ চেপাত মৃত্যু হয় যুৱকজন।গোসাইগাঁওহাট আৰু শ্ৰীৰামপুৰৰ আলোকঝাৰত ৰেল লাইনত এটি অচিনাক্ত যুবকৰ মৃতদেহ
গোসাইগাঁৱত ৰেলৰ চেপাত এজন যুৱকৰ মৃত্যু


কোকৰাঝাৰ, ২২ জুলাই (হি.স.)। গোসাইগাঁৱত ৰেলৰ চেপাত এজন যুৱকৰ মৃত্যু। নিশা সংঘটিত হয় এই দুৰ্ঘটনা।অদ্যপি চিনাক্ত হোৱা নাই যুৱকজনৰ।ৰাতি নামুনি মুৱা ৰেলৰ চেপাত মৃত্যু হয় যুৱকজন।গোসাইগাঁওহাট আৰু শ্ৰীৰামপুৰৰ আলোকঝাৰত ৰেল লাইনত এটি অচিনাক্ত যুবকৰ মৃতদেহ উদ্ধাৰ হয় ৷

নামনিমুৱা ৰেল লাইনত ৰাইজে যুবকৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক অৱগত কৰে । সেইমতে ৰেল আৰক্ষীৰ এটি দলে তাৎক্ষণিকভাবে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷ নামনিমুৱা কোনো ৰেলৰ চেপাত যুবকজনৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷ অনুমানিক ২২ বছৰ বয়সৰ যুবকজনৰ অদ্যপি চিনাক্ত হোৱা নাই ৷ মৰনোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ৭২ ঘন্টাৰ বাবে কোকৰাঝাৰত মৰ্গত ৰখা হব । কোনো সদাসয় লোকে মৃতদেহ চিনাক্ত কৰিব বিচাৰিলে মৰ্গত উপস্থিত হবলৈ গোসাইগাঁও ৰেল আৰক্ষীয়ে আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande