বৰপেটা সদৰ থানাৰ অন্তৰ্গত তেমুৰা দংৰাত গাঁৱত বোৱাৰী হত্যাৰ ঘটনা
বৰপেটা, ২২ জুলাই (হি.স.)। বৰপেটা সদৰ থানাৰ অন্তৰ্গত তেমুৰা দংৰাত গাঁৱত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। যৌতুকৰ ধন নিদিয়াৰ বাবেই আমিনা বেগম নামৰ এগৰাকী দুই সন্তানৰ মাতৃ দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী মান্নান আলীৰ ব
বৰপেটা সদৰ থানাৰ অন্তৰ্গত তেমুৰা দংৰাত গাঁৱত বোৱাৰী হত্যাৰ ঘটনা


বৰপেটা, ২২ জুলাই (হি.স.)। বৰপেটা সদৰ থানাৰ অন্তৰ্গত তেমুৰা দংৰাত গাঁৱত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। যৌতুকৰ ধন নিদিয়াৰ বাবেই আমিনা বেগম নামৰ এগৰাকী দুই সন্তানৰ মাতৃ দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী মান্নান আলীৰ বিৰুদ্ধে।

জানিব পৰা মতে,৮ বছৰ পূৰ্বে তেমুৰা দংৰাৰ মহম্মদ আলীৰ পুত্ৰ মান্নান আলীৰ সৈতে ছলিমপুৰৰ গাঁৱৰ ছজিমুদ্দিনৰ কন্যা আমিনা বেগমৰ লগত সামাজিক ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল।বিবাহৰ পিছৰে পৰাই মান্নান আলীয়ে পত্নীৰ পৰিয়ালৰ ওচৰত ৫ লাখ টকা যৌতুক হিচাপে দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।যৌতুকৰ ধন নিদিয়াৰ বাবেই আজি আমিনা বেগমক পৰিকল্পিত বাবে হত্যা কৰি চিপলৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী মান্নান আলীৰ বিৰুদ্ধে।এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।ইতিমধ্যে ঘটনা সংক্ৰান্তত বৰপেটা সদৰ থানাত আমিনা বেগমৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি কঠোৰতম শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande