তেজপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাটী ভাষাত ৰচনা কৰা গ্ৰন্থৰ অসমীয়া ভাষাৰ কবিতা সংকলন এই চকুহাল ধন্য
–স্বেচ্ছাসেৱী অনুষ্ঠান চাকচিড ৰ উদ্যোগত বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্টজনৰ অংশ গ্ৰহণ –জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক চাকচিড ৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন –অনুবাদ এক মহৎ সাহিত্য কৰ্ম -ড০ ভূপেন শইকীয়া –গ্ৰন্থখনে ৰুচীশীল পাঠক সমাজৰ সমাদ
আনন্দ কুমাৰ দাসে


আনন্দ কুমাৰ দাসে


আনন্দ কুমাৰ দাসে


–স্বেচ্ছাসেৱী অনুষ্ঠান চাকচিড ৰ উদ্যোগত বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্টজনৰ অংশ গ্ৰহণ

–জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক চাকচিড ৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন

–অনুবাদ এক মহৎ সাহিত্য কৰ্ম -ড০ ভূপেন শইকীয়া

–গ্ৰন্থখনে ৰুচীশীল পাঠক সমাজৰ সমাদৰ লাভ কৰিব -ড০ চিন্তামণি শৰ্মা

–ভাৰতীয় প্ৰান্তীয় ভাষাৰ সিংহভাগ সাহিত্যই অনুবাদ সাহিত্য --ড০ ৰঞ্জন কলিতা

শোণিতপুৰ, ২২ জুলাই (হি.স.)। তেজপুৰৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আজি বিয়লি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী ভাষাত ৰচনা কৰা তিনিকুৰি ৮ টা কবিতাৰ এই চকুহাল ধন্য শীৰ্ষক এখন গুৰুত্বপূৰ্ণ অসমীয়া অনুবাদ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে । উল্লেখ্য যে সাহিত্য অকাডেমি নেপালী ভাষা পৰামৰ্শ সমিতিৰ সদস্য, তেজপুৰ নিবাসী সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰাপক ভাৰতীয় ভাষা-সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক চন্দ্রমণি উপাধ্যায়ে অসমীয়া ভাষালৈ অনুবাদ কৰা ড০ অঞ্জনা সন্ধীৰ হিন্দী ভাষাৰ বিশেষ গ্ৰন্থ এই চকুহাল ধন্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

তেজপুৰৰ বিশ্বজনীন সংস্কৃতি, সম্প্ৰদায় সৱলীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন সমিতিৰ প্ৰয়াস চমুকৈ চাকচিড শীৰ্ষক স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে বিশিষ্ট সাহিত্যিক তথা অনুবাদক চন্দ্ৰমণি উপাধ্যায়ে আদৰণী ভাষণ আগবঢ়াই গ্ৰন্থখনৰ বিষয়বস্তু আলোকপাত কৰি কবিতা কেইটাত প্ৰতিফলিত হোৱা দেশপ্ৰেম আৰু মানৱ প্ৰেমৰ বিষয়ে সদৰি কৰে ।

উল্লেখ্য যে চাকচিড শীৰ্ষক স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উন্মোচনী ভাষণত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আগবঢ়োৱা উন্মোচনী ভাষণত অনুবাদ সাহিত্যৰ গুৰুত্ব আৰু মহত্ব আলোকপাত কৰি সৃষ্টিশীল সাহিত্যই মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলাই বুলি মন্তব্য কৰি আৰ্ণেষ্ট হেমিঙৱেৰ দ্য অল্ড মেন অন দ্য চি ৰ মানুহ ধ্বংস হ'ব পাৰে কিন্তু পৰাজিত নহয় আদি বাণীৰ লগতে টলষ্টয়ৰ পৰা বিশ্ববিখ্যাত সাহিত্যিকৰ সাহিত্যৰাজিৰ উদাহৰণ দাঙি ধৰি সাহিত্যই মানুহৰ অন্তৰত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হয় বুলি মন্তব্য কৰে ।

উল্লেখ্য যে শোণিতপুৰ জিলাৰ জিলাৰ লগতে জিলাখনৰ বাহিৰৰো বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে নিজৰ ছাত্ৰ চন্দ্ৰমণি উপাধ্যায়ে সৃষ্টিশীল পৃথিৱীখনত একাত্ম হৈ অসমীয়া ,নেপালী আৰু হিন্দী ভাষাৰ সাহিত্য সৃষ্টিত আগবঢ়াই অহা অৰিহণাৰ বাবে নিজে ধন্য হৈছে বুলি মন্তব্য কৰে । আনহাতে অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়াই অনুবাদ এক মহৎ সাহিত্য কৰ্ম বুলি মন্তব্য কৰি অনুবাদৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা সাহিত্যৰাজিৰ সোৱাদ লোৱা সম্ভৱ হয় বুলি মন্তব্য কৰে । অনুবাদৰ ক্ষেত্ৰত বিশেষ স্বচ্ছতা অৱলম্বন কৰা প্ৰয়োজন বুলি মন্তব্য কৰি ড০ শইকীয়াই এটা ভাষাত সাহিত্য অনুবাদ হোৱাৰ জৰিয়তে সেই অঞ্চলৰ বা জাতিৰ সংস্কৃতি আৰু ইতিহাসৰো জ্ঞান লক্ষ্য ভাষালৈ আহে বুলি মন্তব্য কৰে ।

অনুষ্ঠানটিত নেপালী সাহিত্য সভাৰ সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই আগবঢ়োৱা ভাষণত বীণা বৰুৱাৰ জীৱনৰ বাটত দৰে মহাকাব্যিক উপন্যাসক নেপালী ভাষালৈ অনুবাদ কৰি বিশেষ প্ৰসিদ্ধি লাভ কৰা চন্দ্ৰমণি উপাধ্যায়ৰ এই অনুবাদ কবিতা সংকলনখন নি:সন্দেহে গৰিষ্ঠ সংখ্যক ৰুচীশীল পাঠকৰ সমাদৰ লাভ কৰিব বুলি মন্তব্য কৰে । আন এগৰাকী বক্তা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই আগবঢ়োৱা ভাষণত ভাৰতীয় প্ৰান্তীয় ভাষাৰ সিংহভাগ সাহিত্য অনুবাদ সাহিত্যই বুলিব পাৰি বুলি মন্তব্য কৰি প্ৰাচীন ভাৰতীয় সাহিত্য মৌলিকতাক একাষৰীয়া কৰি আন প্ৰায়বোৰ সাহিত্য অনুবাদহ বুলি কয় । অসমৰ মহাপুৰুষীয়া সাহিত্য আনকি প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্য মূলতঃ অনুবাদ সাহিত্য বুলি মন্তব্য কৰে ।

আনহাতে গ্ৰন্থখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়োৱা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ গ্ৰন্থগাৰিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মৃদুল কুমাৰ চহৰীয়াই চন্দ্ৰমণি উপাধ্যায়ৰ সাহিত্য কৰ্ম আলোকপাত কৰা অনুষ্ঠানটিত স্বেচ্ছাসেৱী অনুষ্ঠান চাকচিডে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে শেহতীয়াকৈ চহৰখনৰ দীৰ্ঘদিনীয়া যানজঁটৰ সমস্যাৰ লগতে তেজপুৰৰ পুৰাতন স্হাপত্য -ভাস্কৰ্য্য সমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ উপৰি জিলাখনৰ সামগ্ৰীক উন্নয়নৰ বাবে গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে এখন সম্বৰ্ধনা পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

চাকচিডৰ হৈ তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলীয়ে জিলা আয়ুক্ত গৰাকীক এখন গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰি নিজৰ চমু ভাষণত জিলা আয়ুক্ত গৰাকীয়ে জিলাখনত গ্ৰহণ কৰা জনকল্যাণমূলক কামকাজে তেওঁলোককো উদ্বুদ্ধ কৰিছে বুলি মন্তব্য কৰে ।.চাকচিডৰ সম্পাদক প্ৰীতম বৰাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত জিলা আয়ুক্তৰ প্ৰশস্তিখন পাঠ কৰে চাকচিডৰ কাৰ্য্যকৰী সভাপতি তথা নাট্যশিল্পী অচ্যুত শৰ্মাই ।

উল্লেখ্য যে অনুবাদক চন্দ্ৰমণি উপাধ্যায়ে ভাষাৰ পৰিধি অতিক্ৰমী হিন্দী, অসমীয়া আৰু নেপালী সাহিত্য সাধনাৰ জৰিয়তে সাহিত্য জগতৰ কেবাখনো লেখতলবলগীয়া গ্ৰন্থ মননশীলভাৱে অনুবাদ কৰি কেৱল ভাৰতীয় ভাষাৰ সমন্বয় ৰক্ষা কৰাই নহয়, সাহিত্যৰ কঠিয়া তলিত সোণগুটিও সিঁচি আহিছে ।নতুন দিল্লীৰ বিকল্প প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই চকুহাল ধন্য ৰ পূৰ্বে ২০০৮ চনত অপূৰ্ব শৰ্মাৰ অসমীয়া চুটি গল্প সংকলন বাঘে টাপুকো ৰাত নেপালী ভাষালৈ অনুবাদ কৰাৰ পিছত সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশ পোৱাৰ উপৰি ২০১৩ চনত বীণা বৰুৱাৰ প্ৰখ্যাত উপন্যাস জীৱনকা বাটামা নেপালী ভাষালৈ অনুবাদ কৰি সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰাৰ লগতে ২০১৬ চনত দেৱেন্দ্ৰ প্ৰসাদ আচাৰ্যৰ কালজয়ী গ্ৰন্থ জংগম নেপালী ভাষালৈ অনুবাদ, ২০২২ চনত ডা০ ধ্ৰুৱজ্যোতি বৰাৰ বহু চৰ্চিত কথা ৰত্নাকৰ নেপালী ভাষালৈ অনুবাদৰ লগতে অনেক বিখ্যাত গ্ৰন্থ নেপালী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰি উলিয়াইছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande