বানপানীত আৱদ্ধ ৰেল যাত্ৰীসকলৰ সুবিধাৰ বাবে অতিৰিক্ত বিশেষ ৰেল সেৱা
গুৱাহাটী, ২২ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অধীনত শিৱসাগৰ জিলাৰ শিমলুগুড়ী টাউন আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চলত হোৱা তীব্ৰ বানপানীৰ বাবে যাত্ৰীৰ নিৰাপত্তা আৰু পৰিচালনাৰ প্ৰয়োজনত শিমলুগুড়ী–নামটিআলী আৰু শিমলুগুড়ী–চেলেংহাট খণ্
বানপানীত আৱদ্ধ ৰেল যাত্ৰীসকলৰ সুবিধাৰ বাবে অতিৰিক্ত বিশেষ ৰেল সেৱা


গুৱাহাটী, ২২ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অধীনত শিৱসাগৰ জিলাৰ শিমলুগুড়ী টাউন আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চলত হোৱা তীব্ৰ বানপানীৰ বাবে যাত্ৰীৰ নিৰাপত্তা আৰু পৰিচালনাৰ প্ৰয়োজনত শিমলুগুড়ী–নামটিআলী আৰু শিমলুগুড়ী–চেলেংহাট খণ্ডত ৰেল সেৱা বাতিল কৰা হৈছে।

ফলস্বৰূপে ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ অহা-যোৱা কৰা কেইবাখনো দূৰণীৱটিয়া ৰেল ৰঙিয়া–ৰঙাপাৰা–ডিব্ৰুগড় পথেৰে পথ পৰিৱৰ্তন কৰা হৈছে। আনহাতে সংক্ষিপ্ত পৰিসমাপ্তি আৰু সংক্ষিপ্ত প্ৰাৰম্ভ কৰা কেইখনমান নিৰ্ধাৰিত ৰেল সেৱাও বাতিল কৰা হৈছে। এই ৰেল অৱৰোধৰ বাবে প্ৰভাৱিত ৰেল যাত্ৰীসকলক সাহাৰ্য প্ৰদান কৰাৰ বাবে অতিৰিক্ত দুই যোৰ ৰেল সেৱা নিম্নলিখিত বিস্তৃত তথ্য অনুসাৰে পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সেই অনুসাৰে ২২.০৭.২০২৬ ৰ পৰা ২৬.০৭.২০২৬ পৰ্যন্ত চলিবলগীয়া বিশেষ ৰেল নং ০৫৯১১ (তিনিচুকীয়া- ভজো) তিনিচুকীয়াৰ পৰা বিয়লি ১২:০০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ১৪:০০ বজাত ভজোত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত বিশেষ ৰেল নং ০৫৯১২ (ভজো-নিউ তিনিচুকীয়া) ভজোৰ পৰা ১৫:০০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ১৬:৩৫ বজাত নিউ তিনিচুকীয়াত গৈ উপস্থিত হব।

আন এখন বিশেষ ৰেল নিউ তিনিচুকীয়া আৰু মৰাণহাটৰ মাজত ২২.০৭.২০২৬ ৰ পৰা ২৬.০৭.২০২৬ পৰ্যন্ত চলাচল কৰিব। বিশেষ ৰেল নং ০৫৯১৩ (নিউ তিনিচুকীয়া- মৰাণহাট)নিউ তিনিচুকীয়াৰ পৰা ১৬:৪৫ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ১৯:৩০ বজাত মৰাণহাটত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত বিশেষ ৰেল নং ০৫৯১৪ (মৰাণহাট - তিনিচুকীয়া) মৰাণহাটৰ পৰা ২০:০০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ২৩:০০ বজাত তিনিচুকীয়াত গৈ উপস্থিত হব।

এই বিশেষ ৰেলসমূহৰ উপৰিও উত্তৰ-পূব সীমান্ত ৰেলৱেই উক্ত পথত আৱদ্ধ ৰেল যাত্ৰীসকলক সুবিধা প্ৰদান কৰাৰ অৰ্থে লামডিং–মৰিয়নী জং. আৰু ৰঙিয়া–মৰিয়নী জংচনৰ মাজত তিনি যোৰ বিশেষ ৰেল ইতিমধ্যে প্ৰৱৰ্তন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande