কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল
গুৱাহাটী, ২২ জুলাই (হি.স.)। নীট পৰীক্ষা কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত আজি প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল


গুৱাহাটী, ২২ জুলাই (হি.স.)। নীট পৰীক্ষা কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত আজি প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ লগতে সংসদত এই বিষয়ত সবিস্তাৰ আলোচনা আৰু দিল্লীত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা সকলো এফআইআৰ অবিলম্বে প্ৰত্যাহাৰৰ দাবীত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এই প্ৰতিবাদী সমদল উলিওৱা হয়।

এই প্ৰতিবাদী সমদলত অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাস, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা, বেবী বেগম, আছিফ নজৰ, জুবেইৰ আনম, তানজিল হুছেইনকে প্ৰমুখ্যে কৰি কেবাজনো বিধায়কৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা হাতে হাতে লৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ লগতে জ্যেষ্ঠ নেত্ৰী ৰূপা দেউৰী, সাধাৰণ সম্পাদক ইমদাদ হুছেইন, বনদীপ দত্ত, মইনাজান বেগম, অনুসূচিত জাতি কোষৰ অধ্যক্ষ কৃষ্ণা দাস, সংবাদ মাধ্যম বিভাগৰ প্ৰতিনিধি হেপ্পী গগৈ, ৰূপা কলিতা, এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande