ছিকিমৰ সমৰডুং এনএইচপিচি সুৰংগ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি
নামচি, ২১ জুলাই (হি.স.)। দক্ষিণ ছিকিমৰ সমৰডুঙত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডৰ তীষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ শ্ৰমিকৰ সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে মৃতকৰ সংখ্যা ৯
समरदुङ एनएचपीसी सुरुङ घटनामा मर्नेहरूको संख्या पुग्यो नौं


নামচি, ২১ জুলাই (হি.স.)। দক্ষিণ ছিকিমৰ সমৰডুঙত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডৰ তীষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ শ্ৰমিকৰ সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

নামচি জিলা প্ৰশাসনৰ তথ্য অনুসৰি মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পোৱাৰ পাছতো স্থানত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহে। জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে স্থানটো নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে সোমবাৰে বিয়লি নামচি জিলাৰ সমৰডুঙত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথৰ তীষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। সুৰংগটোৰ ভিতৰত কাম চলি থকাৰ সময়তে হঠাতে শ্ৰমিকসকলে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনিলে, যাৰ ফলত গেছ নিৰ্গত হোৱা বুলি জানিব পৰা গৈছে। শ্রমিকসকলে আতংকিত হৈ সুৰংগৰ পৰা দৌৰি ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰে৷ একাংশ শ্ৰমিকে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়, আনহাতে কিছু শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰে। বহু শ্ৰমিক এতিয়াও ভিতৰত আবদ্ধ হৈ আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande