
গেংটক, ২১ জুলাই (হি.স.)। ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ অন্তৰ্গত সমৰডুঙত নির্মাণ হৈ থকা এন এইচ পি চি তিষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্রকল্পৰ সুৰংগত সংঘটিত হোৱা দুর্ঘটনা সন্দর্ভত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙৰ সৈতে ফোনযোগে কথা পাতি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰিস্থিতি আৰু অব্যাহত থকা উদ্ধাৰ অভিযানৰ বিষয়ে সোধা-পোছা কৰে ৷
মুখ্যমন্ত্রী প্রেম সিং তামাঙে ছ’চিয়েল মিডিয়া যোগে অৱগত কৰে যে প্রধানমন্ত্রী মোদীয়ে ক্ষতিগ্রস্ত শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্রকাশ কৰাৰ লগতে চৰকাৰৰ পৰা সাম্ভাব্য সকলো সহায়ৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ উদ্বেগ, সংবেদনশীলতা, সহযোগিতাৰ প্ৰতি দায়বদ্ধতাই এই কঠিন সময়ত ছিকিমৰ জনসাধাৰণক যথেষ্ট শক্তি আৰু আত্মবিশ্বাস প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰীৰ মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ বাহিনী (এছডিআৰএফ), ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছএছডিএমএ), জিলা প্ৰশাসন, স্থানীয় আৰক্ষী, ৰংপো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইচচি)ৰ চিকিৎসা দল, আৰু স্থানীয় জনগোষ্ঠীয়ে সমন্বয়ত অক্লান্তভাৱে কাম কৰি আছে যাতে সফল উদ্ধাৰ অভিযান নিশ্চিত কৰিব পৰা যায় আৰু ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰা হয়।
ছিকিমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী তামাঙে কয় যে এই শোকৰ সময়ত ৰাজ্যখনৰ প্ৰতি তেওঁৰ সমৰ্থন, সংবেদনশীলতা, সংহতি গভীৰভাৱে প্ৰেৰণাদায়ক। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ অবিৰত পথ প্ৰদৰ্শন আৰু ভাৰত চৰকাৰৰ সমৰ্থন আৰু দায়বদ্ধতাৰ বাবে ছিকিম সদায় কৃতজ্ঞ হৈ থাকিব। উল্লেখযোগ্য যে দক্ষিণ ছিকিমৰ সমৰডুঙত এন এইচ পি চিৰ সুৰংগত গেছ নিৰ্গত হোৱাৰ লগতে ধ্বংসাৱশেষ ভাঙি পৰাৰ অভিযোগত এতিয়ালৈকে ৭ জন লোকৰ মৃত্যু হৈছে। স্থানত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া