
গেংটক, ২১ জুলাই (হি.স.)। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ৰাজ্যখনৰ নামচি জিলাৰ ঝোলুঙে সমৰডুঙত নিৰ্মাণ হৈ থকা এন এইচ পি চি টিষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মঙলবাৰে পুৱা এটা ফেচবুক পোষ্টত এই ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী তামাঙে কয় যে এই কঠিন সময়ত সমগ্ৰ ৰাজ্যৰ চিন্তা আৰু প্ৰাৰ্থনা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে। ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিয়াৰ আশ্বাস দি উদ্ধাৰ অভিযানত তেওঁ অহৰহ নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰে। জিলা প্ৰশাসন, ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছ এছ ডি এম এ), ছিকিম আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ), অগ্নি আৰু জৰুৰীকালীন সেৱা, পাকয়ং আৰু চিলিগুৰিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ দলৰ লগতে অন্যান্য বিশেষ সংস্থাসমূহে সুৰংগটোত আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে দিনে নিশাই কাম কৰি আছে।
তেওঁ উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো নিৰাপত্তাৰক্ষী আৰু কাৰিকৰী দলৰ নিষ্ঠা, সাহস, আৰু অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু সমগ্ৰ অভিযানত সৰ্বোচ্চ সুৰক্ষাৰ মানদণ্ডৰ কঠোৰ আনুগত্য নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক সকলো সম্ভাৱ্য সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।মুখ্যমন্ত্রীয়ে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ, অসত্য আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ, ক্ষতিগ্ৰস্ত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উদ্ধাৰ অভিযান নিৰাপদ আৰু সফল সামৰণি পৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব। লক্ষণীয় যে নামচি জিলাৰ ঝোলুঙে সমৰডুঙত নির্মাণ হৈ থকা এন এইচ পি চিৰ তীষ্টা ষ্টেজ-৬ জলবিদ্যুত প্রকল্পৰ সুৰংগত আবদ্ধ হৈ থকা শ্রমিকসকলৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে৷ এই পৰ্যন্ত উদ্ধাৰ হৈছে ৭ জন লোকৰ মৃতদেহ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া