
নতুন দিল্লী, ২১ জুলাই (হি.স.)। ছিকিমৰ নামচি জিলাৰ ঝোলুঙেৰ অন্তৰ্গত সমৰডুঙত নিৰ্মাণাধীন এন এইচ পি চি তিস্তা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত মঙলবাৰে সংঘটিত হোৱা মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতি আৰু চলি থকা উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে। নিৰ্মাণাধীন সুৰংগৰ সমীপত হোৱা ভূমিস্খলনৰ পিছত পৰিস্থিতি আৰু চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে বাৰ্তালাপ কৰে।
শ্বাহে মুখ্যমন্ত্ৰীক কয় যে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে সফল উদ্ধাৰ অভিযান নিশ্চিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সকলো ধৰণৰ সহায় আগবঢ়াব।
গৃহমন্ত্ৰীগৰাকীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ লগত জড়িত সংস্থাসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰি আৱদ্ধ হৈ থকা লোকসকলক অতি সোনকালে উদ্ধাৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। ইফালে মুখ্যমন্ত্ৰী তামাঙে আজি এটা ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ সমন্বয়ত ৰাজ্য চৰকাৰে চলাই থকা উদ্ধাৰ অভিযানৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বিতং তথ্য প্ৰদান কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দুৰ্ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ভাৰত চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।
এই কঠিন সময়ত ছিকিমৰ জনসাধাৰণৰ প্ৰতি সংবেদনশীলতা, উদ্বেগ, আৰু অবিৰত সমৰ্থনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
দক্ষিণ ছিকিমৰ সমৰডুঙত এন এইচ পি চিৰ সুৰংগত গেছ নিৰ্গত হোৱাৰ ঘটনা আৰু ভূমিস্খলনত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। উক্ত স্থানত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া