উত্তৰ মেচিডোনিয়াত ৰাষ্ট্ৰপতি মুৰ্মুক উষ্ম আদৰণি, স্কোপজেত দুদিন কটাব
নতুন দিল্লী, ২১ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত উত্তৰ মেচিডোনিয়াৰ ৰাজধানী স্কোপজেত উপস্থিত হয় । বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায় বৈদেশিক মন্ত্ৰী টিমচো মুকুনস্কিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰা
राष्ट्रपति द्रौपदी मुर्मु और नॉर्थ मैसेडोनिया के विदेश मंत्री।


নতুন দিল্লী, ২১ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত উত্তৰ মেচিডোনিয়াৰ ৰাজধানী স্কোপজেত উপস্থিত হয় । বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায় বৈদেশিক মন্ত্ৰী টিমচো মুকুনস্কিয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ উত্তৰ মেচিডোনিয়া ভ্ৰমণৰ এইটোৱেই প্ৰথম, যিয়ে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান আৰু আন্তৰিক সম্পৰ্কক প্ৰতিফলিত কৰিছে। এই ভ্ৰমণে ভাৰত-উত্তৰ মেচিডোনিয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মলদোভাত তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ প্ৰথম লেগ সম্পূৰ্ণ কৰিলে। ইয়াৰ পিছতে এতিয়া তেওঁ দুদিনীয়াকৈ উত্তৰ মেচিডোনিয়া ভ্ৰমণত আছে। উত্তৰ মেচিডোনিয়ালৈ যোৱাৰ পূৰ্বে মুৰ্মুৱে চিচিনাউত অনুষ্ঠিত হোৱা ৰাজ্যিক ভোজত অংশ লৈছিল। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে মলদোভাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande