সফলতা অৰ্জনৰ বাবে অবিৰত অনুশীলনৰ প্ৰয়োজনঃ প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ২১ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ধাৰাবাহিক অনুশীলনৰ জৰিয়তে সফলতা লাভৰ ক্ষেত্ৰত একাগ্ৰতা আৰু ইচ্ছাশক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ এটা শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ''একাগ্
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ২১ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ধাৰাবাহিক অনুশীলনৰ জৰিয়তে সফলতা লাভৰ ক্ষেত্ৰত একাগ্ৰতা আৰু ইচ্ছাশক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ এটা শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, 'একাগ্ৰতা আৰু ইচ্ছাশক্তি আমাৰ স্নায়ুতন্ত্ৰৰ দৰেই। নিয়মীয়া অনুশীলন আৰু সঠিক প্ৰচেষ্টাই ইয়াক বিকশিত আৰু শক্তিশালী কৰিব পাৰে। সময়ৰ লগে লগে ই অধিক শক্তিশালী আৰু ফলপ্ৰসূ হৈ পৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande