বিশ্বৰ মূলধনী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াৰ বজাৰসমূহ উৰ্ধমুখী
নতুন দিল্লী, ২১ জুলাই (হি.স.)। বিশ্বৰ মূলধনী বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় অগ্ৰগতি লাভ কৰে। ইউৰোপৰ বজাৰত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দে
प्रतीकात्मक


নতুন দিল্লী, ২১ জুলাই (হি.স.)। বিশ্বৰ মূলধনী বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় অগ্ৰগতি লাভ কৰে। ইউৰোপৰ বজাৰত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল, আনহাতে এছিয়াৰ বজাৰত আজি সাধাৰণতে উৰ্ধমুখী হৈছে।

পূৰ্বৰ অধিবেশনত আমেৰিকাৰ শ্বেয়াৰ বজাৰখন নিম্নগামীভাৱে বন্ধ হৈছিল। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ৩০৭.১৬ পইণ্ট বা ০.৫৯ শতাংশ হ্ৰাস পাই ৫১,৮৩৯.২৬ পইণ্টত বন্ধ হয়। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংক ০.১৯ শতাংশ হ্ৰাস পাই ৭,৪৪৩.২৮ত বন্ধ হয়। নাছডাকৰো ০.০৫ শতাংশ হ্ৰাস পাই ২৫,৫০৮.০৭ত বন্ধ হয়। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ১১৬.৪২ পইণ্ট বা ০.২২ শতাংশ বৃদ্ধিৰে বৰ্তমান ৫১,৯৫৫.৬৮ত পইন্টত উপনীত হয় ।

পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এফ টি এছ ই সূচকাংক ৭৫.৬১ পইণ্ট বা ০.৭২ শতাংশ হ্ৰাস পাই ১০,৫২৪.৭৬ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংক ৮,৩৪০.১১ পইণ্টত বন্ধ হৈ পৰে, যিটো নামমাত্ৰ ০.০২ শতাংশ বৃদ্ধি। তদুপৰি নাছডাক ২৪,৮৪৬.৬৯ পইণ্টত বন্ধ হয়, যিটো ০.০৬ শতাংশ সামান্য বৃদ্ধি।

আজিৰ দিনত এছিয়াৰ বজাৰত সাধাৰণতে ক্ৰয়ৰ ধাৰা দেখা যায়। এছিয়াৰ ৯টা বজাৰ সূচকাংকৰ ভিতৰত ৮টা সূচকাংক সেউজীয়া সূচকত শক্তিশালীভাৱে ব্যৱসায় কৰাৰ বিপৰীতে মাত্ৰ এটা সূচকাংকহে ৰঙা সূচকত হ্ৰাস পাইছে। এছিয়াৰ বজাৰৰ একমাত্ৰ সূচকাংক নিফটিৰ মূল্য ০.১৭ শতাংশ হ্ৰাস পাই ২৪,২৪২ পইণ্টত ব্যৱসায় কৰা হৈছে।

আনহাতে, নিকেই সূচকাংক ১,৭৩৭.৮৮ পইণ্ট বা ২.৭১ শতাংশ বৃদ্ধি পাই ৬৫,৮৭৯ পইণ্টত উপনীত হৈছে। একেদৰে জাকাৰ্টা কম্পোজিট সূচকাংক ১.১৭ শতাংশ জপিয়াই ৬,৩০৪.৭১ পইণ্টত উপনীত হৈছে। আজি কোস্পি সূচকাংকই প্ৰচণ্ড শক্তি দেখুৱাইছে। বৰ্তমান এই সূচকাংক ৩০৭.৯৮ পইণ্ট বা ৪.৭৩ শতাংশ জপিয়াই ৬,৮২৪.২৫ পইণ্টত উপনীত হৈছে।

আজিও টাইৱান ওজনযুক্ত সূচকাংকই তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ১,৩৫৩.৩৬ পইণ্ট বা ৩.১৯ শতাংশ জঁপিয়াই ৪৩,৮০৩.০৬ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও ষ্ট্ৰেইটছ টাইমছ ইনডেক্সে ০.৭৭ শতাংশ বৃদ্ধিৰে ৫,৫৪১.২০ পইণ্টত, চাংহাই কম্পোজিট ইনডেক্সে ০.৬২ শতাংশ বৃদ্ধিৰে ৩,৮১৯.৬৬ পইণ্টত, হেং চেং ইনডেক্সে ০.১৪ শতাংশ জঁপিয়াই ২৫,১৭৭ পইণ্টত আৰু ০.০৭ শতাংশ লাভ অৰ্জনেৰে ছেট কম্পোজিট ইনডেক্সে ১,৬৪৭.১০ পইণ্টত ব্যৱসায় কৰি আছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande