আইছিছৰ নিযুক্তি আৰু পুঁজিৰ নেটৱৰ্ক গোচৰৰ বিষয়ত বেংগালুৰুৰ আঠটা স্থানত ইডিৰ অভিযান
নতুন দিল্লী, ২১ জুলাই (হি.স. )। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নিযুক্তি আৰু পুঁজিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত বেংগালুৰুৰ ৮টা স্থানত শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে অভিযান চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই দাখিল কৰা এফ আই আৰৰ ভি
प्रवर्तन निदेशालय (ईडी)


নতুন দিল্লী, ২১ জুলাই (হি.স. )। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নিযুক্তি আৰু পুঁজিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত বেংগালুৰুৰ ৮টা স্থানত শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে অভিযান চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই দাখিল কৰা এফ আই আৰৰ ভিত্তিত দাখিল কৰা এনফৰ্চমেণ্ট কেছ ইনফৰ্মেশ্যন ৰিপৰ্ট (ই চি আই আৰ)ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইডিৰ বেংগালুৰু আঞ্চলিক কাৰ্যালয়ৰ মতে, এই গোচৰত বেংগালুৰুস্থিত ইক্ৰা ৱেলফেয়াৰ ট্ৰাষ্ট, গাইডেন্স ফৰ মেনকাইণ্ড, আৰু তেওঁলোকৰ সৈতে জড়িত অন্যান্য ব্যক্তি জড়িত হৈ আছে। এন আই এয়ে এই এফ আই আৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ ১৭ (সন্ত্ৰাসবাদৰ বাবে ধন সংগ্ৰহ), ১৮ (সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে প্ৰস্তুতি), আৰু ১৮-বি (সন্ত্রাসবাদী সংগঠনৰ বাবে নিযুক্তি) ধাৰাত পঞ্জীয়ন কৰে।

তদন্তত এই পৰ্যন্ত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰত এন আই এয়ে ইৰফান নাছিৰ, আহমেদ আব্দুল কাদিৰ, মহম্মদ তৌকীৰ মাহমুদ, জুহাব হামিদ শ্বাকিল মান্না, আৰু মহম্মদ শ্বিহাবৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

অভিযোগনামা অনুসৰি আটাইকেইজন অভিযুক্ত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছ/আইএছআইএল/দায়েছৰ সৈতে জড়িত আছিল। বেংগালুৰুত মুছলমান যুৱক-যুৱতীক উগ্ৰপন্থী কৰি আইছিছত নিয়োগ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে যুৱক-যুৱতীসকলক ইকৰা শিবিৰ নামৰ ব্যক্তিত্ব বিকাশৰ কৰ্মশালা আৰু ইয়াৰ লগত জড়িত সাপ্তাহিক কোৰআন চক্ৰৰ জৰিয়তে চিনাক্ত আৰু উগ্ৰবাদীকৰণ কৰা হৈছিল।

বিভিন্ন মাধ্যমেৰে ধন সংগ্ৰহ আৰু হস্তান্তৰ কৰাৰ উপৰিও যুৱকসকলে তুৰস্কৰ মাজেৰে অবৈধভাৱে ছিৰিয়ালৈ যোৱাৰ ব্যৱস্থা কৰে যাতে তেওঁলোকে আইছিছত যোগদান কৰি ছিৰিয়া চৰকাৰৰ বিৰুদ্ধে যুঁজিব পাৰে। অভিযোগনামাত ভাৰত চৰকাৰৰ মিত্ৰ ছিৰিয়াৰ বিৰুদ্ধে যুদ্ধসদৃশ কাৰ্যকলাপত লিপ্ত হোৱা বুলি বৰ্ণনা কৰা হৈছে।

এন আই এৰ তদন্তত প্ৰকাশ পাইছে যে এই গোটটোৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিৰোধী প্ৰতিবাদৰ সৈতে জড়িত আৱেগিক বিষয়সমূহৰ শোষণ কৰি মুছলমান সম্প্ৰদায়ক উচটনি দিবলৈ চেষ্টা চলাইছিল আৰু নিৰাপদ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে আইছিছৰ মতাদৰ্শ বিয়পাইছিল।

ইডিৰ মতে, অভিযুক্তসকলে ব্যক্তি, ট্ৰাষ্ট, আৰু নিজৰ সঞ্চয়ৰ পৰা ধন সংগ্ৰহ কৰি যুৱক-যুৱতীক নিযুক্তি দি বিদেশ ভ্ৰমণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। অনুসন্ধানৰ সময়ত উদ্ধাৰ হোৱা নথি-পত্ৰ আৰু ডিজিটেল প্ৰমাণ পৰীক্ষা কৰা হৈছে। এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande