প্ৰতিকূল বতৰ বাবে তৃতীয় দিনাৰ বাবে অমৰনাথ আৰু বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা স্থগিত; ছয়জন নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত
জম্মু, ২১ জুলাই (হি.স.)। প্ৰতিকূল বতৰ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত আজি একেৰাহে তৃতীয় দিনৰ বাবে শ্ৰী অমৰনাথ যাত্ৰা আৰু শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা স্থগিত ৰখা হৈছে। ৰিয়াছি জিলাৰ শিৱখোৰী আৰু কিষ্টৱাৰ জিলাৰ মচাইল মাতা যাত্ৰ
প্ৰতিকূল বতৰ বাবে তৃতীয় দিনাৰ বাবে অমৰনাথ আৰু বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা স্থগিত; ছয়জন নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত


জম্মু, ২১ জুলাই (হি.স.)। প্ৰতিকূল বতৰ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত আজি একেৰাহে তৃতীয় দিনৰ বাবে শ্ৰী অমৰনাথ যাত্ৰা আৰু শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা স্থগিত ৰখা হৈছে। ৰিয়াছি জিলাৰ শিৱখোৰী আৰু কিষ্টৱাৰ জিলাৰ মচাইল মাতা যাত্ৰা স্থগিত ৰখা হৈছে।

ৰাজৌৰী আৰু পুঞ্চত বানপানী আৰু ভূমিস্খলনৰ ফলত নিৰুদ্দেশ হোৱা ৬ জন লোকৰ সন্ধান মঙলবাৰেও অব্যাহত আছে। সোমবাৰে জম্মু সংমণ্ডলত ভূমিস্খলন আৰু শিল বাগৰি দহজন লোকৰ মৃত্যু হয়।

পুঞ্চৰ লৰাণত এটা ঘৰ ভাঙি ৭ জন লোকৰ মৃত্যু হয়। ডোডাত এখন বাছত এটা বৃহৎ শিল বাগৰি পৰাত দুজন লোক নিহত হোৱাৰ লগতে আন ছয়জন আহত হয়। কিস্তৱাৰত বোল্ডাৰৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু। ইয়াৰ লগে লগে বিগত দুদিনত জম্মু সংমণ্ডলত বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে, কেইবা ডজন লোক আহত হৈছে।

পুঞ্চ জিলাৰ মাণ্ডী অঞ্চলৰ লৰাণৰ সমীপৰ ডুমেল গাঁৱৰ উচ্চ উচ্চতাৰ অঞ্চলত ভূমিস্খলনৰ ফলত এটা ঘৰ ভাঙি পৰে। মৃত সাতজনৰ ভিতৰত দুটি শিশুও আছে । নন্দিশুল জলপ্ৰপাতৰ সমীপৰ উচ্চ উচ্চতাত অৱস্থিত নিজৰ ঘৰত পশুধনৰ সৈতে আছিল এই লোকসকল। তেওঁলোক মূলতঃ আৰিগাম গাঁৱৰ।

অঞ্চলটোত বৰষুণ হোৱাৰ লগতে সন্ধিয়াৰ ভাগত উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল, গতিকে আজি মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। মৃতকসকলৰ পৰিচয় ক্ৰমে মহম্মদ ৰফিকৰ পুত্ৰ ৰফিক (৪ বছৰ), মহম্মদ ৰফিকৰ কন্যা আৰেজা ৰফিক (২), গুলাম মহম্মদৰ পুত্ৰ তনবীৰ আহমেদ (২২), মহম্মদ ৰফিকৰ পত্নী জাহিদা পাৰবীন (২৬), মহম্মদ ৰিয়াজৰ পত্নী ছামিম বানো (২৭), আব্দুল চুভানৰ পুত্ৰ মহম্মদ ইৰফান (২০) আৰু মহম্মদ মজিদৰ পত্নী শ্ববনম আখতাৰ (৩২)। ডোডাত নিহত দুজন হৈছে ভাদেৰৱাহ নিবাসী সুৰেন্দ্ৰ কুমাৰৰ পুত্ৰ মনীষ কুমাৰ (৩৩) আৰু বাগৱাহৰ বিজাৰনী নিবাসী বুদ্ধি সিঙৰ পুত্ৰ কুলৱন্ত সিং (২৯)।

ইফালে, জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুৰ্যোগ ব্যৱস্থাপনা, সাহায্য, পুনসংস্থাপন আৰু পুনৰ্গঠন বিভাগে এক ৰাজহুৱা পৰামৰ্শ জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি বাসিন্দা, যাত্ৰী, পৰ্যটক, আৰু সংশ্লিষ্ট সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

বতৰৰ পৰিস্থিতিয়ে আকস্মিক বানপানী, ভূমিস্খলন আৰু অত্যাৱশ্যকীয় সেৱাসমূহত ব্যাঘাত জন্মাব পাৰে বুলি পৰামৰ্শদাতাখনে সতৰ্ক কৰি দিছে। প্ৰচণ্ড বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আৰু নলা, নদীৰ পাৰ, বানপানীৰ প্ৰৱণ অঞ্চল, ভূমিস্খলন প্ৰৱণ ঢালৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ওফন্দি উঠা নৈ, ক্ষতিগ্ৰস্ত পথ বা দুৰ্বল দলং পাৰ নহ’বলৈও মানুহক আহ্বান জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande