মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ সমৃদ্ধি ঘাইপথত দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু
মুম্বাই, ২০ জুলাই (হি.স.)। মহাৰাষ্ট্ৰৰ ৱৰ্ধা জিলাৰ ছালোডৰ সমৃদ্ধি ঘাইপথত সোমবাৰে পুৱাৰ ভাগত সংঘটিত এক বিচিত্ৰ পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। নিহত লোকজনৰ ভিতৰত একেটা পৰিয়ালৰ চাৰিজন সদস্য আৰু আন এখন বাহনৰ চালক আৰু খালাচীও আছে। তথ্য লাভ কৰাৰ লগে
फोटो: वर्धा में समृद्धि हाईवे पर हुए सडक़ हादसे के बाद राहत और बचाव कार्य कर रही पुलिस


মুম্বাই, ২০ জুলাই (হি.স.)। মহাৰাষ্ট্ৰৰ ৱৰ্ধা জিলাৰ ছালোডৰ সমৃদ্ধি ঘাইপথত সোমবাৰে পুৱাৰ ভাগত সংঘটিত এক বিচিত্ৰ পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। নিহত লোকজনৰ ভিতৰত একেটা পৰিয়ালৰ চাৰিজন সদস্য আৰু আন এখন বাহনৰ চালক আৰু খালাচীও আছে। তথ্য লাভ কৰাৰ লগে লগে পুলগাঁও আৰক্ষী আৰু ঘাইপথ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

ৱৰ্ধা জিলা আৰক্ষী অধীক্ষক সৌৰভ আগৰৱালাই সাংবাদিকৰ আগত জনোৱা মতে, নাগপুৰলৈ যোৱা সমৃদ্ধি ঘাইপথত এখন ইথানল ট্ৰাক বাগৰি যানজঁটৰ সৃষ্টি হয়। যাৰ বাবে লাহে লাহে বাহনসমূহ বিপৰীত লেনলৈ ডাইভাৰ্ট কৰা হৈছিল। ইফালে পিছফালৰ পৰা আহি জলকীয়া ভৰ্তি আইচাৰ ট্ৰাকে এখন গাড়ীত খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে গাড়ীখন ট্ৰাকৰ তলত মেহতিয়াই পেলোৱা হৈছিল। ট্ৰাকখনত অগ্নিকাণ্ড সংঘটিত হয়। ট্ৰাক চালক আৰু খালাচী কৰ্মী জুইৰ লেলিহান শিখাই আগুৰি ধৰে। ট্ৰাকৰ তলত আবদ্ধ হৈ থকা গাড়ীখনত থকা চাৰিজন লোকৰ থিতাতে মৃত্যু হয়।

নিহত দুজন গাড়ীত থকা অংকুশ ৰাউত, ৰাজেশ টিপল, জানহাৱী টিপল, আৰু সুষমা টিপল, আইচাৰ ট্ৰাক চালক সঞ্জয় কুমাৰ, আৰু খালাচী কৰ্মী সমৰজীত পাল। সঞ্জয় উত্তৰ প্ৰদেশৰ ধনজীপুৰৰ বাসিন্দা আৰু সমৰজীত পালৰ ঘৰ উত্তৰ প্ৰদেশৰ গাধৰিয়ানপুৰত।

স্থানীয় লোকে জনোৱা মতে, ৱৰ্ধাৰ বাসিন্দা ৰাজেশ টিপলৰ দুগৰাকী কন্যাই এম বি এ প্ৰগ্ৰেমত নামভৰ্তি কৰিছিল। জীয়েকক থবলৈ পুনেলৈ গৈছিল। দেওবাৰে গভীৰ নিশা তেওঁ ৱৰ্ধালৈ ৰাওনা হয় যদিও ৱাৰ্ডাৰ সমৃদ্ধি ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাত তেওঁৰ পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয়।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande