বানপানীৰ প্ৰভাৱত ৰে'ল সেৱা বিপৰ্যস্ত, ট্ৰেইন বাতিল হোৱাত লামডিং জংচনত যাত্ৰীৰ হাহাকাৰ পৰিস্থিতি
হোজাই, ২০ জুলাই(হি.স.)। নিশাটোৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমৰ বিভিন্ন স্থানত ৰে''ল সেৱা গুৰুতৰভাৱে ব্যাহত হৈছে। শিমুলগুৰি অঞ্চলত ৰে''ল লাইনৰ ওপৰেৰে বানপানী বৈ যোৱাৰ ফলত একাধিক ট্ৰেইন বাতিল কৰা হৈছে। ইয়াৰ ফলত লামডিং জংচনত শতাধিক যাত্ৰী
বানপানীৰ প্ৰভাৱত ৰে'ল সেৱা বিপৰ্যস্ত, ট্ৰেইন বাতিল হোৱাত লামডিং জংচনত যাত্ৰীৰ হাহাকাৰ পৰিস্থিতি


হোজাই, ২০ জুলাই(হি.স.)। নিশাটোৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমৰ বিভিন্ন স্থানত ৰে'ল সেৱা গুৰুতৰভাৱে ব্যাহত হৈছে। শিমুলগুৰি অঞ্চলত ৰে'ল লাইনৰ ওপৰেৰে বানপানী বৈ যোৱাৰ ফলত একাধিক ট্ৰেইন বাতিল কৰা হৈছে। ইয়াৰ ফলত লামডিং জংচনত শতাধিক যাত্ৰী আবদ্ধ হৈ চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হয়।

ৰে'ল সূত্ৰে জানিবলৈ দিয়া মতে, শিমুলগুৰি ছেকশ্যনত ৰে'ল লাইনৰ ওপৰেৰে বানপানী বৈ যোৱাৰ বাবে সুৰক্ষাৰ স্বাৰ্থত উক্ত পথত ট্ৰেইন চলাচল সাময়িকভাৱে স্থগিত ৰখা হয়।

ফলস্বৰূপে একাধিক যাত্ৰীবাহী আৰু ইণ্টাৰচিটি ট্ৰেইন বাতিল কৰা হয়। হঠাতে ট্ৰেইন বাতিল হোৱাৰ খবৰ বিয়পি পৰাত লামডিং জংচনত যাত্ৰী সকলৰ মাজত হাহাকাৰ, বিভ্ৰান্তি আৰু উৎকণ্ঠাৰ সৃষ্টি হয়।

তাৎক্ষণিকভাৱে বিকল্প ব্যৱস্থা নথকাত মহিলা, শিশু আৰু বয়োজ্যেষ্ঠকে ধৰি বহু যাত্ৰী ঘণ্টাৰ পিছত ঘণ্টা প্লেটফৰ্মত অপেক্ষা কৰিবলৈ বাধ্য হয়। বহু যাত্ৰীয়ে অভিযোগ কৰে যে ৰে'ল কৰ্তৃপক্ষৰ ফালৰ পৰা পৰ্যাপ্ত তথ্য বা সহায় আগবঢ়োৱা হোৱা নাছিল।

ট্ৰেইন বাতিল হোৱাৰ পিছত তেওঁলোকক নিজৰ ব্যৱস্থাতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে বহু যাত্ৰীয়ে।

যাত্ৰী সকলৰ অসুবিধা কিছু পৰিমাণে লাঘৱ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই (এনএফআৰ) লামডিং জংচনৰ পৰা যোৰহাট অভিমুখে এখন বিশেষ ট্ৰেইন চলায়, যাতে উজনি অসমমুখী আবদ্ধ যাত্ৰী সকলক গন্তব্যস্থানলৈ প্ৰেৰণ কৰিব পৰা যায়।

কিন্তু বিপুল সংখ্যক যাত্ৰীৰ তুলনাত এই বিশেষ ট্ৰেইন যথেষ্ট নাছিল।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লামডিং ৰে'ল বিভাগে ষ্টেচনত এখন বিশেষ যাত্ৰী সহায়ক কেন্দ্ৰ মুকলি কৰে। ইয়াৰ জৰিয়তে যাত্ৰী সকলক ট্ৰেইনৰ শেহতীয়া সময়সূচী, বাতিল ট্ৰেইন, বিকল্প ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় তথ্য প্ৰদান কৰা হয়।

বানপানীৰ বাবে বাতিল কৰা ট্ৰেইন সমূহ হৈছে:

- ৫৫৯১৪ টিনিচুকীয়া–যোৰহাট টাউন পেচেঞ্জাৰ

- ৭৫৬০২ টিনিচুকীয়া–লামডিং ডেমু

- ১৫৬০৪ লেডো–গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ

- ১৫৯৬৮ লেডো–ৰঙিয়া ইণ্টাৰচিটি এক্সপ্ৰেছ

- ৫৫৯১০ ডিব্ৰুগড়–শিমুলগুৰি পেচেঞ্জাৰ

ৰে'ল কৰ্তৃপক্ষই জনাইছে যে বান পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নজৰ ৰখা হৈছে আৰু ক্ষতিগ্ৰস্ত ৰে'লপথ সম্পূৰ্ণৰূপে পৰিদৰ্শন কৰাৰ পিছতহে স্বাভাৱিক ট্ৰেইন চলাচল পুনৰ আৰম্ভ কৰা হ'ব। যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে যাত্ৰী সকলক ট্ৰেইনৰ শেহতীয়া অৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে বৰ্ষাকালত উজনি অসমৰ ৰে'ল সংযোগ বানপানীৰ ফলত কিমান সহজে ব্যাহত হয়। বানপানীৰ পানী ক্ৰমাৎ হ্ৰাস পোৱাৰ লগে লগে যাত্ৰীসকলে শীঘ্ৰে স্বাভাৱিক ৰে'ল সেৱা পুনৰ আৰম্ভ হোৱাৰ আশা ব্যক্ত কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande