
যোৰহাট, ২০ জুলাই (হি.স.)। টীয়কত বানে প্ৰাণ ল'লে এজনৰ
। বাঢ়নী পানীত পৰি মৃত্যু হৈছে অৰ্জুন কৰ্মকাৰ নামৰ এজনৰ
। মৃত লোকজনক ৰাজৈ চাহ বাগিচাৰ ৫ নং লাইনৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বিগত কিছুদিনৰ পৰা অসম সহ অসমৰ চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডত অব্য়াহত থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন জিলাত হোৱা বানপানীৰ ফলত ৫৭০০০ জন লোক খতিগ্ৰস্থ হৈছে আৰু পাচজনৰ জীৱন হানি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা