
আগৰতলা, ২০ জুলাই (হি.স.)। ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) অনুৰাগ ধনখৰৰ সোমবাৰে পুৱা সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় । আগৰতলাস্থিত ৰাজ্যিক আৰক্ষী সদৰৰ কাৰ্যালয় কক্ষৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। আৰক্ষীয়ে প্ৰথমে আত্মহত্যা বুলি গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে মৃত্যুৰ কাৰণ আনুষ্ঠানিকভাৱে নিশ্চিত হ’ব।
আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে পুৱা নিয়মীয়া পৰিদৰ্শনৰ সময়ত কৰ্তব্যৰত বিষয়াসকলে ডিজিপি অনুৰাগ ধনখৰক তেওঁৰ কাৰ্যালয়ৰ কোঠাত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ জ্যেষ্ঠ বিষয়াক খবৰ দিয়াত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
এই তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনিক দণ্ডাধীশ, ফৰেনছিক দল, আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত হয়। আইনী পদ্ধতি সম্পূৰ্ণ কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আগৰতলাৰ গোবিন্দ বল্লভ পন্ত (জিবিপি) চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বিষয়াসকলে জনোৱা মতে, ঘটনাস্থলীত সংগ্ৰহ কৰা প্ৰমাণ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব। বৰ্তমান সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি তদন্ত চলি আছে ।
অনুৰাগ ধনখৰ ১৯৯৪ চনত ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া আছিল আৰু ২০২৫ চনৰ মে’ মাহত ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ ডি জি পি (চোৰাংচোৱা)কে ধৰি ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল ।
এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ডিজিপিৰ মৃত্যুৰ খবৰে প্ৰশাসনিক আৰু আৰক্ষী বিভাগৰ মাজেৰে জোকাৰণিৰ সৃষ্টি কৰিছে । তদন্ত অব্যাহত আছে, আৰু আৰক্ষীয়ে উল্লেখ কৰিছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে বিতং তথ্য সদৰি কৰা হ’ব ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ