
বানপীড়িতক সহায়-সহযোগ সময়মতে উপলদ্ধ কৰোৱাৰ ক্ষেত্ৰত বিজেপি কাৰ্যকৰ্তাই প্ৰশাসনৰ পৰিপূৰক হিচাপে সহযোগ আগবঢ়াইছেঃ ৰাজ্যিক বিজেপি
গুৱাহাটী ২০ জুলাই (হি.স.)। যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি বানপীড়িত জিলা সমূহত চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে বান প্ৰতিৰোধমূলক ব্যৱস্থা তদাৰক কৰাৰ লগতে আক্রান্ত সকলক প্রয়োজনীয় সাহার্য সময়মতে প্রদান কৰাৰ কাৰণে ব্যৱস্থা গ্রহণ কৰিছে।
সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলেয়েও প্রশাসনৰ সহযোগী হিচাপে বানপীড়িতক সহায়-সহযোগ সময়মতে উপলদ্ধ কৰোৱাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰিছে। উল্লেখযোগ্য যে জাঁজী, দিখৌ, দিচাং, ভোগদৈ আদি নৈৰ দুয়োকাষৰ স্পৰ্শকাতৰ বান্ধ সমূহত নিৰন্তৰ নিৰীক্ষণ চলোৱাৰ লগতে দিনে-নিশাই বালিভর্তি বেগ স্থাপন, পাইপিং নিয়ন্ত্ৰণ আৰু তাৎক্ষণিকভাৱে মথাউৰি শক্তিশালীকৰণৰ কাম আদিও প্রশাসনে চলাই আছে।
এনে কার্যত দলীয় কার্যকর্তাই স্বেচ্ছাই সেৱা আগবঢ়াই প্রশাসনক সহযোগ কৰি আছে। অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ক্ষতিগ্রস্ত অঞ্চলৰ বাসিন্দা সকলৰ ক্ষয় ক্ষতিৰ পৰিমাণ হ্রাস কৰিবৰ বাবে প্রশাসনে গ্রহণ কৰা ব্যাপক তৎপৰতাক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনাইছে বুলি ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই উল্লেখ কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰাৰ লগতে সংশ্লিষ্ট বিভাগ সমূহক প্রয়োজনীয় দিহা পৰামৰ্শ দি উদ্ধাৰ অভিযানক সষ্টম কৰি ৰাখি বানপীড়িত লোকসকলক সময়মতে সাহাৰ্য প্রদান কৰাৰ ক্ষেত্ৰত হেমাহি নকৰাৰ বাবে সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিছে। জল সম্পদ বিভাগ, দুর্যোগ ব্যৱস্থাপনা বিভাগ, জিলা প্রশাসন, এনডিআৰএফ, এছডিআৰএফ, অসম আৰক্ষী, অগ্নিনির্বাপক বাহিনী, বায়ু সেনাৰ হেলিকেপ্তাৰ আৰু আন সকলো উদ্ধাৰকাৰী সংস্থাই তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।
বানৰ এই কঠিন সময়ত জনসাধাৰণৰ জীৱন, জীৱিকা আৰু সম্পদৰ সুৰক্ষা সুনিশ্চিত কৰাই চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰ। সেয়েহে মুখ্যমন্ত্ৰীয়ে ১৯ জুলাইৰ নিশাই ৰাজ্যৰ ৪ গৰাকী কেবিনেট মন্ত্রী ক্রমে অজন্তা নেওগ, বিমল বড়া, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্তক বানপীড়িত জিলা সমূহলৈ প্ৰেৰণ কৰি সাহাৰ্য অভিযান তদাৰক কৰাৰ বাবে নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মন্ত্ৰীসকল নিশাৰ ভিতৰতেই আক্রান্ত জিলাত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতেই সাহাৰ্য বিতৰণ ব্যস্থা তদাৰক কৰি আছে। চৰকাৰৰ এনে তৎপৰতাত আক্রান্ত লোক আশ্বস্ত হোৱাৰ লগতে যথেষ্ট সকাহ অনুভৱ কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট জিলাৰ প্রশাসনে গ্ৰহণ কৰা তৎপৰতাক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনোৱাৰ লগতে ভূয়ষী প্রশংসা কৰে।
ঠিক একেদৰে দলৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়াৰ পৰমাৰ্শমতে বানাক্ৰান্ত তিনিখন জিলাৰ জিলা সভাপতি আৰু জিলা প্ৰভাৰীৰ নেতৃত্বত দলীয় কার্যকর্তা সকলে বান সাহাৰ্য বিতৰণ আৰু বানাক্ৰান্তক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগ কৰিছে।
সংসদৰ বর্ষাকালীন অধিবেশনত ব্যস্ত সাংসদ শইকীয়াই নতুন দিল্লীৰ পৰাই বানাক্ৰান্ত অঞ্চলত নিয়োজিত সংশ্লিষ্ট মন্ত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে যোগাযোগত থাকি উদ্ধাৰ কাৰ্য আৰু সাহাৰ্য বিতৰণৰ বুজ লৈছে। শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চন্তক, গড়মূৰ আদি অঞ্চলত জিলা প্ৰভাৰী লক্ষ্য কোঁৱৰ আৰু জিলা সভাপতি বিতোপন ৰাইদঙীয়াৰ নেতৃত্বত ভাৰতীয় যুৱ মৰ্চাৰ শতাধিক কাৰ্যকর্তা দিনে-নিশাই পাল পাতি আক্রান্ত সকলক প্রয়োজনীয় সাহাৰ্য বিতৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সহযোগী হৈছে বুলি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰা হৈছে। ঠিক একেদৰে চৰাইদেউ আৰু যোৰহাট জিলাৰ শতাধিক কাৰ্যকৰ্তাই পাল পাতি আক্রান্ত সকলক সাহার্য উপলব্ধ কৰোৱাৰ বাবে প্ৰশাসনক প্রয়োজনীয় সহায় সহযোগ আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ