
শোণিতপুৰ, ২০ জুলাই (হি.স.)। শোণিতপুৰৰ ওঠৰ মাইলত আজি বৃহত্তৰ অঞ্চলটোৰ ই ৰিক্সা চালক সকলে ই ৰিক্সা চলোৱা বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে । চালক সকলে অভিযোগ কৰা অনুসৰি তেওলোকে ওঠৰ মাইল, গুদামঘাট খনামুখ আদিৰ পৰা ই ৰিক্সা লৈ বালিপৰালৈ আহিলে একাংশ ই ৰিক্সা চালকে তেওলোকক যাত্ৰী কঢ়িয়াই অনা নিয়া কৰাত বাধা প্ৰদান কৰাৰ উপৰিও গালি গালাজ কৰে ।
এই ঘটনা সন্দৰ্ভত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ লগতে চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এখন স্মাৰক পত্ৰৰ জৰিয়তে সু-মীমাংসা কৰি দিয়াৰ বাবে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা